অসম লাইভ ২৪ঃ ক’ৰোনা জয় কৰি বাসগৃহ জলসাত উপস্থিত বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য আৰু ৮ বছৰীয়া নাতিনী আৰাধ্যা। ১২ জুলাইত ঐশ্বৰ্য আৰু আৰাধ্যাৰ শৰীৰত কোভিডৰ অৱস্থিতি ধৰা পৰিছিল। ১২ জুলাইৰ পৰা ১৭ জুলাইলৈ হোম কোৱাৰেণ্টীনত আছিল ঐশ্বৰ্য আৰাধ্যা। কিন্তু ১৭ জুলাইত ঐশ্বৰ্য ৰায়ৰ জ্বৰ আৰু উশাহ লোৱাত কষ্ট পোৱাৰ বাবে আৰাধ্যাৰ সৈতে নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰায় ১০ দিনৰ চিকিৎসাৰ অন্তত বচ্চন পৰিয়াললৈ আহিছে সুখবৰ। শেষৰটো টেষ্টত কোভিড নিগেটিভ অহাত ঐশ্বৰ্য-আৰাধ্যাক নানাৱতী হাস্পতালৰ পৰা ডিচাৰ্জ দিয়া হয়। কিন্তু অমিতাভ বচ্চন, অভিষেক বচ্চনক কেতিয়া হাস্পতালৰ পৰা ডিচাৰ্জ দিয়া হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে দুয়োৰে স্বাস্থ্য পূৰ্বতকৈ ভাল বুলি জনাইছে চিকিৎসকে। অভিষেক বচ্চনে টুইটাৰত সকলো অনুৰাগীক তেওঁলোকৰ হৈ প্ৰাৰ্থনা কৰাৰ ব আবে ধন্যবাদ জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ