অসম লাইভ২৪ঃ
ক্ৰমাত অস্থিৰ হৈ পৰিছে পৃথিৱী। অস্থিৰ পৃথিৱীত দৈনিক ঘটিব ধৰিছে নানা মহাজাগতিক ঘটনাৰ লগতে প্ৰাকৃতিক দুৰ্ঘটনা। প্ৰাকৃতিক দুৰ্ঘটনাৰ ভিতৰত প্ৰধানত প্ৰায় এটা দশকৰ পৰা ভয়ংকৰ ৰূপ লৈছে ভূমিকম্পই। বিশ্ব বিভিন্ন প্ৰান্তত বিগত কিছু বছৰৰ পৰা দেখা পোৱা হৈছে ভূমিকম্পৰ ভয়ংকৰ কাল ৰূপ। এনে বৃহৎ বৃহৎ ভূমিকম্পৰ ফলত একো একোতা বৃহৎ অঞ্চল নিমিখতে চাৰখাৰ হৈ পৰিছে। যাৰ ফলত চকুৰ প্ৰচাৰতে মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। তেনে এক ভয়াবহ ভূমিকম্পৰ শেহতীয়া উদাহৰণ হৈছে তুৰ্কী। তুৰ্কীৰ ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলা সকলোৱে দেখিছো। পিছে তুৰ্কীয়েই অন্তিম নহয়। তুৰ্কীৰ ভূমিকম্পৰ পিছতো বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনতে চেগা- চোৰোগাকৈ সৰু বৰ বিভিন্ন ভূমিকম্প জোকাৰণী হৈয়ে আছে। ভূমিকম্পৰ এনে শেহতীয়া উদাহৰণৰ ক্ষেত্ৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলো কোনো কম নহয়। আচলতে উত্তৰ পূৰ্বাঞ্চলেই নহয় ভূ-ভাগত থকা ইণ্ডিয়ান টেকতনিক প্লেটৰ ওপৰত ভাৰতৰ যিমানবোৰ ৰাজ্য বা আঞ্চল আছে সেই সমগ্ৰ অঞ্চলসমূহক যিকোনো সময়তে এক ডাঙৰ বিপদ ঘটাব এই ইণ্ডিয়ান টেকতনিক প্লেটে। কিয়নো আমাৰ ভূ-ভাগত থকা এই টেকটনিক প্লেটে ক্ৰমান্বয়ে আগৱাঢ়ি আছে ইউৰাছিয়ান প্লেটৰ দিশে। কোনোৱা এটা পৰ্যায়ত ক্ৰমাগতভাৱে আগৱঢ়া আমাৰ ভূ-ভাগৰ ইণ্ডিয়ান টেকতনিক প্লেটে ইউৰাছিয়ান প্লেটৰ সৈতে মুখামুখি সংঘষৰ ফলত ভূমিকম্পৰ এক মহাপ্ৰলয় সৃষ্টি হ’ব উত্তৰ-পূৰ্বত। এইবাৰ আহিছো ভূমিকম্প সংক্ৰান্তিৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্যলৈ। বিগত এটা শতিকাত ভাৰতত কিমানটা বৰভূইকপে কঁপাই গ’ল আৰু ইয়াৰ ৰিখটাৰস্কেল কিমান আছিল তাৰ তথ্য এইবাৰ আমি জনাব বিচাৰিছো
উনৈশ শতিকাৰ প্ৰথমটো বৰভূইকপ
চনত ১৯০৫, ৪ এপ্ৰিল
উৎপত্তি স্থল হিমাচল প্ৰদেশ
এই ভূইকম্পৰ ৰিখটাৰ আছিল ৮
চন ১৯১৮, ৮ জুলাই
এই ভূমিকম্পৰ উৎপত্তিস্থল অসম
ভূমিকম্পৰ ৰিখটাৰ স্কেল আছিল ৭.৬
চন ১৯৩০, ৩ জুলাই
এই ভূমিকম্পৰ উৎপত্তিস্থল আকৌ অসম
এই ভূমিকম্পৰ ৰিখটাৰ স্কেল আছিল ৭.১
চন ১৯৩৪, ১৫ জানুৱাৰী
এই ভূমিকম্পৰ উৎপত্তি স্থল বিহাৰ নেপাল সীমা
এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৮.৩
চন ১৯৪১, ২৬ জুন
ভূমিকম্পৰ উৎপত্তি স্থল আন্দামান নিকুবৰ দ্বীপপুঞ্জ
এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৮.১
চন ১৯৪৩, ২৩ অক্টোবৰ
এই ভূমিকম্পৰ উৎপত্তিস্থল অসম
এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৭.২
চন ১৯৫০ , ১৫ আগষ্ট
এই ভূমিকম্পৰ উৎপত্তি স্থল আৰুনাচল প্ৰদেশ আৰু চীন সীমান্ত
এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৮.৫
আৰু এই ভূমিকম্পই হৈছে ভাৰতৰ ইতিহাসত বৰ্তমান সময়লৈ হোৱা সৰ্ববৃহৎ বৰ ভূইকপ
চন ১৯৫৬, ২১ জুলাই
এই ভূমিকম্পৰ উৎপত্তি স্থল গুজৰাট
এই ভূইকম্পৰ ৰিখাৰ স্কেল ৭
চন ১৯৬৭, ১১ জুলাই
এই ভূমিকম্পৰ উৎপত্তি স্থল মহাৰাষ্ট্ৰ
এই ভূইকপৰ ৰিখটাৰ স্কেল ৬.৫
চন ১৯৭৫, ১৯ জানুৱাৰী
এই ভূমিকম্পৰ উৎপত্তিস্থল হিমাচল প্ৰদেশ
ৰিখটাৰ স্কেল ৬.২
চন ১৯৮৮, ৬ আগষ্ট
এই ভূমিকম্পৰ উৎপত্তি স্থল মণিপুৰ-ম্যানমাৰ সীমা
এই ভূমিকম্পৰ ৰিখাটাৰ স্কেল ৬.৬
চন ১৯৯১, ২০ অক্টোবৰ
এই ভূমিকম্পৰ উৎপত্তি স্থল উত্তৰাখণ্ড
এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৬.৬
চন ১৯৯৩, ১৩ ছেপ্টেম্বৰ
এই ভূমিকমপৰ উৎপত্তি স্থল মহাৰাষ্ট্ৰ
এই ভুমিকম্পৰ ৰিখাৰ স্কেল ৬.৩
চন ১৯৯৯, ২৯ মাৰ্চ
এই ভূমিকম্পৰ উৎপত্তি স্থল পুনৰ উত্তৰাখণ্ড
ৰিখটাৰ স্কেল ৬.৮
চন ২০০১, ২৬ জানুৱাৰী
ভূমিকম্পৰ উৎপত্তি স্থল গুজৰাট
ভূমিকম্পৰ ৰিখটাৰ স্কেল ৭.৭
চন ২০০৫, ৮ অক্টোবৰ
ভূমিকম্পৰ উৎপত্তি স্থল মুজাফাৰাবাদ
ৰিখটাৰ স্কেল ৭.৬
চন ২০১১,১৮ ছেপ্টেম্বৰ
ছিক্কিম- নেপাল সীমা
ৰিখটাৰ স্কেল ৬.৯
চন ২০১৫, ২৫ এপ্ৰিল
ভূমিকম্পৰ উৎপত্তি স্থল নেপাল
ৰিখাটাৰ স্কেল আছিল ৭.৮
এইয়া আছিল ১৯ শতিকাৰ আৰম্ভনীৰ পৰা ২০১৫ লৈ ভাৰতত হোৱা বৰভূইকপৰ সম্পূৰ্ণ তথ্য। কিন্তু এটা কথা প্ৰায় নিশ্চত যে উত্তৰ পূবত আহি থকা সঘন ভূইকপে যে আহিব লগা এটা ডাঙৰ ভুইকপৰ আগজাননী দি আছে সেয়া নিশ্চিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ