অসম লাইভ২৪ঃ লোকসভাৰ সাংসদ পদ ঘূৰাই পোৱাৰ আশাত কেতিয়াবাই যতি পৰিছিল। এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সন্মুখত থিয় হৈছে আন এক প্ৰত্যাহ্বান। কাৰাগাৰলৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৰাহুলৰ। ২৩ মাৰ্চত গুজৰাটৰ চুৰাট মেজিষ্ট্ৰেট আদালতে ৰাহুলক ‘অপৰাধমূলক মানহানিৰ’ গোচৰত দোষী সাব্যস্ত কৰিছিল ৰাহুলক। শুকুৰবাৰে চুৰাট আদালতে দিলে বিশেষ ৰায়।
‘অপৰাধমূলক অৱমাননা’ গোচৰত দোষী সাব্যস্ত কৰা ৰাহুলক দুবছৰৰ বাবে জে’লৰ শাস্তি বিহিছিল আদালতে। এই ৰায়ৰ ওপৰতে স্থগিতাদেশ বিচাৰি ৰাহুলে কৰা আবেদন খাৰিজ কৰিছে হাই কৰ্টৰ বিচাৰপতি হেমন্ত প্ৰচ্ছকৰ বিচাৰপীঠে। বিচাৰপতি প্ৰচ্ছক ৰায়ে ঘোষণা কয়, ‘নিম্ন আদালতে ৰাহুল গান্ধীৰ শাস্তিৰ ওপৰত যি ৰায় দিছে সেই ৰায়ে সঠিক।’ এই কথাৰ পাছতেই ৰাহুলে সাংসদ পদ ঘূৰাই নাপায় সেয়া প্ৰায় নিশ্চিত হৈ পৰিছিল। কিন্তু ইয়াৰ পাছতেই ২০২৪ লোকসভা নিৰ্বাচনত ৰাহুলে প্ৰতিদ্বন্দিতা কৰিব পাৰিবনে সেই বিষয়টোক লৈয়ো আৰম্ভ হৈছে চৰ্চা। কাৰাগাৰলৈকো যাব পাৰে ৰাহুল, সেই বিষয়টোক লৈয়ো বহুতেই আৰম্ভ কৰিছে চৰ্চা।
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাহুলে মোদী উপাধিক লৈ আপত্তিকৰ মন্তব্য কৰিছিল। সেই আপত্তিকৰ মন্তব্যৰ বাবেই বিগত ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে ২বছৰৰ জে’লৰ শাস্তি প্ৰদান কৰিছিল ৰাহুলক। এই অপৰাধমূলক মানহানি গোচৰত দোষী ৰাহুলক জামিনৰ আবেদন মঞ্জুৰ কৰি ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনাবলৈ ৩০ দিন সময় দিছিল বিচাৰকে। শেহতীয়াকৈ আজিৰ ৰায়ৰ পাছতেই ৰাহুল উচ্চতম ন্যায়ালতৰ দ্বাৰস্ত হ’ব পাৰে বুলি একাংশ বিশেষজ্ঞই প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ