অসম লাইভ ২৪ঃ অসমৰ অপৰাধীৰ সৈতে একেখন কাৰাগাৰতে আছে ৰিয়া চক্ৰৱৰ্তী। সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত ড্ৰাগছৰ সৰবৰাহ আৰু গ্ৰহণৰ অপৰাধত ৰিয়া চক্ৰৱৰ্তীক NCB-এ গ্ৰেপ্তাৰ কৰিছিল। ২২ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মাত থাকিব লাগিব ৰিয়া।
মুম্বাইৰ ভাইখোলা জে’লত বন্দী ৰিয়া। বুধবাৰে ৰিয়াই জে’লত প্ৰথমটো নিশা কটায়। উল্লেখযোগ্য যে, ৰিয়াক ৰখা জে’লতেই শ্বীনা বৰা হত্যাকাণ্ডত জড়িত ইন্দ্ৰাণী মুখাৰ্জীক ৰখা হৈছে।ৰিয়াৰ কোঠাৰ ঠিক কাষৰ কোঠাটোতে ইন্দ্ৰাণী মুখাৰ্জী আছে।
ৰিয়া চক্ৰৱৰ্তীক সাধাৰণ কোঠাত নহয়, বৰঞ্চ বিশেষ কোঠাত ৰখা হৈছে। ৰিয়াৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত জে’ল কৰ্তৃপক্ষৰ। বুধবাৰে প্ৰথমটো নিশা জে’লত ৰিয়াক খাবলৈ দিয়া হয় দুখন ৰুটী, ভাত, দাইল আৰু চবজি। বৃহস্পতিবাৰে ৰিয়া চক্ৰৱৰ্তী আৰু সৌভিক চক্ৰৱৰ্তীৰ জামিন আৱেদনৰ শুনানি অনুষ্ঠিত হৈছিল। কিন্তু আদালতে এই শুনানিৰ ৰায় স্থগিত ৰাখে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ