অসম লাইভ২৪ঃ মহামাৰীৰ কালত সকলোতকৈ ভাল খবৰ। ব্ৰিটেইনে উদ্ভাৱন কৰিলে ক’ভিড প্ৰতিষেধক। অহা সপ্তাহৰ পৰা সাধাৰণ জনতাক প্ৰদান কৰিব ক’ভিড প্ৰতেষধক। অর্থাৎ এক ঐতিহাসিক ক্ষণত উপনীত হ’ল ব্ৰিটেইন। সাজু কৰা হৈছে ৮ লাখ পালি প্ৰতিষেধক। Pfizer-BioNTech প্ৰতিষেধক প্ৰদানত অনুমোদন জনাইছে মেডিচিনছ এণ্ড হেল্থ কেয়াৰ প্ৰডাক্টছ ৰেগুলেটৰী অথ’ৰিটি চমুকৈ MHRAয়ে। উল্লেখ্য অন্তিম পৰীক্ষণত এই প্ৰতিষেধক ৯৫ শতাংশ কার্যকৰী বুলি প্ৰমাণিত হৈছে। কিন্তু এই প্ৰতিষেধকে ভাৰতক উপকৃত কৰাৰ সম্ভাৱনা অতি ক্ষীণ। যিহেতু ভাৰতৰ পৰিৱেশৰ লগত এই প্ৰতিষেধক খাপ নাখাই বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ