অসম লাইভ ২৪ঃ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত অসম সন্তানৰ সাফল্য। জাৰ্মানীৰ পুৰণি আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ ইন্টাৰনেছনেল ছর্ট ফিল্ম ফেষ্টিভেল অ’বাৰহউচেনলৈ আমন্ত্ৰিত হৈছে অসম সন্তান অধিৰাজ কাশ্যপ। অধিৰাজ পুনাস্থিত দেশৰ প্ৰখ্যাত চলচ্চিত্ৰ শিক্ষা প্রতিষ্ঠান ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া (এফ টি আই আই)ৰ ফিল্ম ডাইৰেকশ্বন (film direction)বিভাগৰ ছাত্ৰ।
অধিৰাজ কাশ্যপৰ ‘ইন দ্য লেপ অফ মাউন্টেইন’ ২৯ এপ্ৰিলত প্ৰদৰ্শন হয় উক্ত চুটি চলচিত্ৰ মহোৎসৱটিত। এই ঐতিহ্যমণ্ডিত আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হোৱা এইখনেই একমাত্ৰ ভাৰতীয় ছবি। ২০ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনত মহাৰাষ্ট্ৰৰ গোলে গাওঁ নামৰ এখন আদিবাসী অধ্যুষিত গাঁওত কিদৰে জাতিভেদ প্রথা শিপাই আছে আৰু তাৰ বাসিন্দাসকলে কেনেকৈ তাৰ মাজত নিজৰ ঐতিহ্যক ধৰি ৰাখিছে সেয়া দেখুওৱা হৈছে।
উল্লেখ্য যে,এইচলচ্চিত্ৰখনৰ প্ৰযোজনাও পুনাস্থিত এফ টি আই আইয়ে কৰিছে। ৬৯ সংখ্যক বিশ্ব প্রসিদ্ধ চুটি চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ জাৰ্মানীৰ এই চলচিত্ৰ মহোৎসৱৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অধিৰাজক আমন্ত্ৰণ কৰিছিল। এই চুটি চলচ্চিত্ৰখনত কেমেৰাৰ দায়িত্বত আছে ছেজল কোঠাৰী , সম্পাদনাৰ দায়িত্বত আছে সোমপ্রকাশ চাহু আৰু শব্দত আছে স্নেহা সুন্দৰ। তৰুণ পৰিচালক অধিৰাজ কাশ্যপৰ এই সফলতাত এতিয়া সমগ্ৰ ৰাজ্যবাসী উৎফুল্লিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ