অসম লাইভ ২৪ঃ কৌতুক অভিনেতা কপিল শৰ্মা দেশৰ কৌতুক অভিনেতাসকলৰ তালিকাৰ শীৰ্ষত। তেওঁৰ অনুষ্ঠানৰ জনপ্ৰিয়তা ইমানেই বেছি যে আন অনুষ্ঠানৰ trpৰ সৈতে তুলনা নহয়। এইগৰাকী কৌতুক অভিনেতাই য’তেই যায় তেওঁৰ অনুৰাগীয়ে তেওঁক অনুসৰণ কৰে। আপুনি জানেনে এই কৌতুক অভিনেতাই আপুনাক হহুঁৱাবৰ বাবে এটা অনুষ্ঠানৰ বাবে কিমান টকা লয়? কপিল শৰ্মাই প্ৰতিমাহত ৩ কোটি টকা আয় কৰে। পাৰিশ্ৰমিক হিচাপে কপিল শৰ্মাই প্ৰতিটো অনুষ্ঠানৰ শ্বুটিঙৰ বাবে ৭০-৮০ লাখ টকা লয়। অনুষ্ঠানৰ উপৰিও অভিনেতাজনে প্ৰযোজনাও কৰে। বিজ্ঞাপনৰ জৰিয়তেও প্ৰচুৰ অৰ্থ উপাৰ্জন কৰে অভিনেতাজনে। এই কৌতুক অভিনেতাজনৰ প্ৰতিমাহৰ আয় প্ৰায় ৩ কোটি টকা। কপিল শৰ্মাৰ বাৰ্ষিক আয় ৩৫-৩৬ কোটি টকা। ২০২০ চনৰ জুলাইত ফৰ্ব’ছ মেগাজিনে এইজন চেলিব্ৰেটিৰ আয়ৰ তালিকা প্ৰকাশ কৰিছিল। মেগাজিনখনত ২০১৯ চনক কপিল শৰ্মাই ৩৫ কোটি টকা আয় কৰাৰ কথা উল্লেখ কৰিছিল। কপিল শৰ্মাৰ মুঠ সম্পত্তি প্ৰায় ২৬১ কোটি টকাৰ। আয়ৰ সমান্তৰালভাৱে কপিল শৰ্মাই যথেষ্ট ব্যয়ো কৰে। বিলাসী গাড়ী, বাইক তেওঁৰ প্ৰিয়। মাৰ্ছিডিজ গাড়ী তেওঁ ভাল পায়। বাইক ক্ৰয় কৰে তেওঁ ৩০ লাখ টকাৰ। ২০১৮ চনত শৈশৱৰ বান্ধৱী জিনিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কপিল শৰ্মা। সম্প্ৰতি এটি কণ্যা সন্তান আছে জিনি আৰু কপিল শৰ্মাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ