অসম লাইভ ২৪ঃ
স্বাস্থ্যঃ দৈনিক পৰ্যাপ্ত খাদ্য খোৱাৰ লগতে শৰীৰ স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত টোপনি অতি গুৰুত্বপূৰ্ণ। যদি আপুনি সঠিকভাৱে টোপনি নাযায় তেন্তে বহু ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। মানসিক অস্থিৰতাৰ পৰা ওজন বৃদ্ধিলৈকে এনে কিছুমান ৰোগ আছে যাৰ ফলত টোপনি প্ৰভাৱিত হয়। চিকিৎসকে কয় যে কেৱল কম টোপনিয়ে নহয়, অত্যাধিক টোপনিয়েও বিপদৰ সৃষ্টি কৰে। এইটো কম টোপনিতকৈও গুৰুতৰ হ’ব পাৰে। অত্যাধিক টোপনিৰ ফলত কি কি সমস্যাৰ উদ্ভৱ হ’ব পাৰে?
১) হৃদযন্ত্ৰৰ সমস্যাঃ যদি আপুনি অত্যাধিক টোপনি যায় বা দিনটোৰ বেছিভাগ সময় শুই কটায়, যদি আপুনি শাৰীৰিক সুস্থতা বজাই ৰাখিবলৈ যিমান প্ৰয়োজন সিমান ব্যায়াম নকৰে, তেনেহ’লে আপুনি হৃদযন্ত্ৰৰ সমস্যাত আক্ৰান্ত হ’ব পাৰে। কেৱল সেয়াই নহয় ৰক্ত সঞ্চালনতো সমস্যা দেখা দিব পাৰে। যদি তেজৰ প্ৰবাহ স্বাভাৱিক নাথাকে তেতিয়া হৃদৰোগ হোৱাৰ আশংকা থাকে।
২) তেজত শৰ্কৰাৰ বৃদ্ধিঃ অত্যাধিক টোপনিৰ ফলত এজন ব্যক্তিৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়। লগতে তেওঁৰ গোটেই দিনটোৰ খোৱা, কাম কৰা, ব্যায়াম কৰা সকলোবোৰ ব্যক্তিজনৰ ওপৰত প্ৰভাৱ পেলায়। যদি আপুনি দিনটোৰ বেছিভাগ সময় টোপনি মাৰি অতিবাহিত কৰে তেনেহ’লে কোনো ৰুটিন সঠিকভাৱে অনুসৰণ কৰিব নোৱাৰে। ফলস্বৰূপে, তেজত শৰ্কৰাৰ স্তৰ বৃদ্ধি হৈ গৈ থাকে।
৩) প্ৰজনন ক্ষমতা হ্ৰাসঃ দীঘলীয়া সময় টোপনি যোৱাৰ বাবে শাৰীৰিক সক্ৰিয়তা হ্ৰাস হয়। ফলস্বৰূপে, মহিলা আৰু পুৰুষ দুয়োৰে প্ৰজনন ক্ষমতা প্ৰভাৱিত হয়।
৪) মেদবহুলতাঃ যদি আপোনাৰ অত্যাধিক টোপনি যোৱাৰ অভ্যাস আছে তেন্তে আপোনাৰ ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক। যদি আপুনি দিনটোৰ বেছিভাগ সময়তে টোপনি গৈ থাকে, তেনেহ’লে ব্যায়াম কৰাৰ অভ্যাস প্ৰাকৃতিকভাৱে হ্ৰাস হয়। আকৌ যদি আপুনি ব্যায়াম নকৰে, তেতিয়া আপোনাৰ ওজন বৃদ্ধি হোৱা আৰম্ভ হ’ব। ওজন অধিক হোৱাৰ ফলত শৰীৰত বিভিন্ন ৰোগ সৃষ্টি হ’ব। গতিকে প্ৰতিদিনে নিয়মিত টোপনি যোৱাৰ বাবে অভ্যাস কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ