অসম লাইভ২৪ ঃ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শ মানি ল’লে বিধায়ক কমলাক্ষ্য দেৱ পুৰকায়স্থই। দুদিনৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুত মাছুল বৃদ্ধিৰ প্ৰসংগত পৰামৰ্শ আগবঢ়াইছিল। তেঁও ৰাইজক কৈছিল যে, গৰমত ফেন নচলাব, বিল বেছি আহিব, তাৰ সলনি গছৰ তলতে বহক’। অধ্যক্ষগৰাকীৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়াৰ। আৰু ইয়াৰ মাজতে, গৰমত বহিবলৈ গছৰ তল বিচাৰি পালে বিধায়ক কমলাক্ষ্য দেৱে। প্ৰখৰ ৰ’দৰ মাজতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘৰৰ কাষতে থকা গছৰ তলত বহি বতাহ ল’লে কমলাক্ষ্য দেৱে।
অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে কৰ্ণাটক, পাঞ্জাৱ, দিল্লীৰ, ৰাজস্থান আদি ৰাজ্যৰ চৰকাৰে যি সময়ত নিদিষ্ট পৰিমানৰ বিদ্যুত ইউনিট ৰেহাই দি আহিছে, সেই সময়তে অসম চৰকাৰে প্ৰতিমাহে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি আহিছে। শক্তিমন্ত্ৰীৰো অদ্ভুট মন্তব্য- বিদ্যুতৰ মাচুল বৃদ্ধি কৰি ৰাইজৰ মংগল সাধন কৰা হৈছে। চৰকাৰৰ এনে সিদ্ধান্তৰ ফলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ। সেয়ে চৰকাৰৰ ওচৰত সাধাৰণ ৰাইজৰ দাবী উত্থাপন কৰিবলৈ এনেদৰে ওলাই আহিছে বিধায়ক কমলাক্ষ্য দেৱ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ