অসম লাইভ ২৪ঃ শৰীৰৰ সমস্ত অংগ, আনকি হার্টো বিক্ৰীৰ বাবে আবেদন কৰিলে এগৰাকী মাতৃয়ে। সন্তানৰ চিকিৎসাৰ খৰচ উলিয়াবৰ বাবে সেই প্ৰস্তাৱ মাতৃগৰাকীৰ। কোচিৰ এৰানাকুলামৰ কণ্টেনাৰ পথত ৫ সন্তানেৰে মাতৃগৰাকী বাস কৰে। আৰু সেই ঠাইতে এখন কাগজত অংগ বিক্ৰী কৰা হ’ব লিখি আঁৰি দিয়া হৈছে। মাতৃগৰাকীৰ প্ৰত্যেকটো সন্তানে জটিল ৰোগত আক্ৰান্ত। ডাঙৰ পুত্ৰ ৰাজেশ কুমাৰৰ বয়স ২৫ বছৰ। এবছৰ পূর্বে এটা দুর্ঘটনাত ৰাজেশৰ ব্ৰেইন ছার্জাৰী কৰোৱা হৈছিল, যাৰ ফলত এতিয়াও সুস্থ নহয় ৰাজেশ। ছবছৰ পূর্বে মাতৃ শান্তি আৰু ১১ বছৰীয়া কন্যা বিদ্যুৎস্পৃষ্ট হৈছিল। বিদ্যুৎস্পৃষ্ট হৈ কন্যা এতিয়াও সুস্থ হোৱা নাই। শান্তিৰ আৰু এক পুত্ৰ ২৩ বছৰীয়া ৰঞ্জিৎ কুমাৰৰ পেটত এটুকুৰা মাংসপিণ্ড বাঢ়ি অহাৰ বাবে ৰঞ্জিৎ কুমাৰো অসুস্থ। আটাইকেইটা সন্তানৰ চিকৎসাৰ বাবে বহু অর্থৰ প্ৰয়োজন। যাৰ বাবে নিৰাশ্ৰয় মাতৃগৰাকীয়ে ল’ব লগা হৈছে এই কঠিন সিদ্ধান্ত। কাৰণ মাতৃ শান্তিৰ নাই অন্য কোনো পথ। উল্লেখযোগ্য শান্তিৰ স্বামী বহুবছৰ পূর্বে পত্নীক এৰি গুচি যায়। ডাঙৰ পুত্ৰৰ দুর্ঘটনাৰ পূর্বে ৰাজেশে সংসাৰ চলাইছিল। ৰাজেশ এজন ডিস্ক’ জ’কি আছিল। দ্বিতীয় পুত্ৰ ৰঞ্জিতৰ অসুস্থতাৰ বাবে কাম কৰিব নোৱাৰে। ১১ বছৰীয়া তৃতীয় পুত্ৰ সঞ্জীতে এটা চিনেমা হলত কাম কৰে। কিন্তু লকডাউনৰ বাবে সেই কামো বন্ধ হৈ পৰে। বাকী দুই সন্তান একেবাৰে সৰু। কেৰালাৰ এগৰাকী মাতৃৰ এই ক’লা ছবি পোহৰলৈ অহাৰ পাছতে প্ৰশাসন তৎপৰ হৈ পৰিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে দুর্ভগীয়া মাতৃ শান্তিৰ সৈতে ফোনযোগে কথা পাতিছে। সাহায্য আগবঢ়োৱা হৈছে দুর্ভগীয়া পৰিয়ালটোলৈ। লগত আগন্তুক ছমাহলৈ পৰিয়ালটোৰ দায়িত্ব লৈছে চৰকাৰে। সন্তানৰ চিকিৎসাৰো দায়িত্ব গ্ৰহণ কৰিছে চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















