• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা দুঃখবৰ

এটা দুঃখবৰ

6 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

3 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

3 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

4 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

4 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

6 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

6 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

7 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

9 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

9 hours ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এটা দুঃখবৰ

‘ক’ৰোনা দেৱী’য়ে পৰিধান কৰিব ক’লা বেজ

editor by editor
July 14, 2020
in অসম, ক'ভিড-১৯
0
এটা দুঃখবৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ্যজুৰি এতিয়া ক’ৰোনাৰ সন্ত্ৰাস। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোনা ৰোগীৰ সংখ্যা। অভাৱনীয়ভাৱে বাঢ়িছে মৃতকৰ সংখ্যাও। ক’ভিড-১৯ৰ বিৰুদ্ধে সকলোৱে যুঁজ দিছে। এই যুঁজত ভগৱান আখ্যা পাইছে চিকিৎসকসকলে। অনুৰূপধৰণে নাৰ্ছসকলক দেৱীৰূপে আখ্যায়িত কৰা হৈছে। পিছে, এইবাৰ ‘দেৱী’ আখ্যা পোৱা নাৰ্ছসকলে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সোণোৱাল চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে। একে অভিযোগ আনিছে স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিবসহ একাংশ বৰমূৰীয়াৰ বিপক্ষে। সদৌ অসম নাৰ্ছ সন্থাই প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত বিগত দুবছৰৰ পৰা ষ্টাফ নাৰ্ছসকলক নিঃশেষ কৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ কৰে সন্থাৰ সভানেত্ৰী আমিৰুল নেচা আৰু সাধাৰণ সম্পাদিকা জুনু চেতিয়া দিহিঙীয়াই। শেহতীয়াভাৱে ষ্টাফ নাৰ্ছসকলক ভাগ ভাগ কৰি বিভিন্ন ধৰণৰ পদ সৃষ্টি কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্তি কৰে সন্থাই।

সন্থাৰ অধীনস্থ ষ্টাফ নাৰ্ছ (GNM)সকলে যিকোনো মূল্যৰ বিনিময়ত চৰকাৰৰ এই ষড়যন্ত্ৰ সফল হ’ব নিদিয়ে বুলি হুংকাৰ দিয়ে। উল্লেখ্য যে ষ্টাফ নাৰ্ছসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় বিষয়াবৰ্গৰে বহুবাৰ আলোচনাত মিলিত হৈছিল। এনে আলোচনাত কেইবাবাৰো স্বাস্থ্যমন্ত্ৰীও উপস্থিত আছিল। কিন্তু সমস্যা সমাধানৰ আশ্বাস দিয়া হৈছিল যদিও এই আশ্বাস বাৰে বাৰে ভংগ কৰা হৈছে বুলি প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰে সভানেত্ৰী নেচা আৰু সম্পাদিকা দিহিঙীয়াই। চৰকাৰৰ এনে প্ৰতিশ্ৰুতি ভংগৰ বিৰুদ্ধে কাইলৈ অৰ্থাৎ ১৫ জুলাইৰ পৰা ১৭ জুলাইলৈ ক’লা বেজ পৰিধান কৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম নাৰ্ছ সন্থাৰ অন্তৰ্ভুক্ত ষ্টাফ নাৰ্ছসকলে। অৱশ্যে প্ৰতিবাদ চলিব যদিও নিজ নিজ কৰ্তব্য পালন কৰা হ’ব বুলি জানিবলৈ দিয়ে নেত্ৰী দুগৰাকীয়ে। স্বাস্থ্যসেৱা সঞ্চালকলৈ ইতিমধ্যে সন্থাই ৫ দফীয়া দাবী পত্ৰ প্ৰেৰণ কৰিছে। এই ৫ দফীয়া দাবীত আছে-

১) একেটা পদত একে দৰমহাৰ ব্যৱস্থা কৰা।

২) ক’ভিড-১৯ ৰোগীৰ শ্ৰুশ্ৰূষাত GNM ষ্টাফ নাৰ্ছ (NHM)সকলে আজিলৈকে নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰাৰ পাছতো নতুনকৈ সৃষ্টি কৰা পদসমূহত GNMসকলক উক্ত পদত আৱেদন কৰাৰ সুবিধা দিয়া।

৩) লখিমপুৰ মেডিকেল কলেজৰ কাৰণে নতুন পদত যি নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে তাত জ্যেষ্ঠতাৰ ভিত্তিত অনলাইনযোগে নিযুক্তি প্ৰদানৰ সুবন্দৱস্ত কৰা।

৪) বন্ধ হৈ থকা ছুটীসমূহৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা। আৰু

৫) আলোচনাৰ মাধ্যমেৰে নাৰ্ছিং খণ্ডটি অধিক শক্তিশালী কৰাৰ বাবে দ্বি-পাক্ষিক আলোচনাৰ সিদ্ধান্তসমূহ শীঘ্ৰেই কাৰ্যকৰী কৰা।

যিকোনো মূল্যৰ বিনিময়ত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবই বুলি বিজ্ঞপ্তিটোত বাৰে বাৰে দোহাৰিছে সদৌ অসম নাৰ্ছ সন্থাই। আনকি চৰকাৰে কঠোৰ হাতেৰে প্ৰতিবাদক নিয়ন্ত্ৰণ কৰিব বিচাৰিলেও কোনো ক্ষেত্ৰতে আপোচ নকৰাৰো ঘোষণা কৰে। ইমানৰ পাছতো যদি চৰকাৰে সন্থাৰ দাবীসমূহ মানি নলয়, তেন্তে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰো ভাবুকি প্ৰদান কৰে সদৌ অসম নাৰ্ছ সন্থাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19gnm nurseNHM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ
অসম

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

August 7, 2026
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল
অসম

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

August 6, 2026
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি
অসম

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

August 6, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

August 6, 2026
Next Post
সংগ্ৰামৰ বাবে ঐক্য

সংগ্ৰামৰ বাবে ঐক্য

‘অযোধ্যা ভুৱা’। ক’ত জন্ম হৈছিল ৰাম? ভগৱানৰ ঠিকনাক লৈ পুনৰ বিতৰ্ক।

'অযোধ্যা ভুৱা'। ক'ত জন্ম হৈছিল ৰাম? ভগৱানৰ ঠিকনাক লৈ পুনৰ বিতৰ্ক।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.