অসম লাইভ ২৪ঃ ১৪ ছেপ্টেম্বৰত NCLTত কাগজ কলৰ ভৱিষ্যৎ নিৰ্ণয় হ’ব। অসমৰ দুটাকৈ কাগজ কলৰ ভৱিষ্যতৰ প্ৰসংগ জড়িত হৈ আছে ১৪ ছেপ্টেম্বৰৰ শুনানিত। সেইদিনা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাগজ কল দুটাৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব ‘নেচনেল কোম্পানী ল ট্ৰিবিউনেল’ত। সেয়ে, কাগজ কল দুটা পুনৰুজ্জীৱিত কৰা সন্দৰ্ভত চৰকাৰক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰ্ছ ইউনিয়নে। কেৰালা চৰকাৰৰ উদাহৰণ দাঙি ধৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে ইউনিয়নে। তদুপৰি চৰকাৰে কৰ্মচাৰীসকলৰ পূৰ্বৰ দেনা-পাওনা আদায় কৰি দিলে অসমৰ এটা ব্যক্তিগত কোম্পানীয়ে কল দুটা চলাবৰ বাবে ইচ্ছুক বুলিও স্মাৰকপত্ৰত উল্লেখ কৰিছে ইউনিয়নে। এতিয়া সমস্ত বিষয়টো নিৰ্ভৰ কৰিছে চৰকাৰৰ সদিচ্ছাৰ ওপৰত। ১৪ ছেপ্টেম্বৰৰ পূৰ্বে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰে, তেনেহ’লে কাগজ কল দুটা পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা আছে। অন্যথা নিশ্চিত অন্ধকাৰ ভৱিষ্যৎ নামি আহিব নগাঁও আৰু কাছাৰ কাগজ কললৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ