অসম লাইভ২৪ঃ পৰাজয়ৰ পূৰ্বভাষ বিজেপিয়ে পাইছিল৷ কিন্তু দক্ষিণ ভাৰতৰ একমাত্ৰ বিজেপিশাসিত ৰাজ্যত ইমান বেয়াকৈ পৰাজয়বৰণ কৰিব বুলি ভৱা নাছিল বিজেপি দলে৷ কংগ্ৰেছৰ ‘সুশাসন’ আৰু ‘দুৰ্নীতিমুক্ত কৰ্ণাটক’ শ্লোগানৰ সন্মুখত মুখথেকেচা খালে বিজেপিৰ মেৰুকৰণৰ প্ৰচাৰে৷ অথচ দুবছৰ পূৰ্বে কৰ্ণাটকত বিজেপিৰ মেৰুকৰণৰ ৰাজনীতিয়ে অনুকুল পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ শিক্ষা প্ৰতিষ্ঠানত হিজাব বিতৰ্ক, ব্ৰিটিছ বিৰোধী আন্দোলনত শ্বহীদ হোৱা টিপু চুলতানৰ ধৰ্মীয় পৰিচয়, অবিচি মুছলমানৰ সংৰক্ষণ বাতিল, কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত বজৰং দল নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া আদি বিষয়ক হাথিয়াৰ হিচাপে লৈ আগবাঢ়িছিল বিজেপি দল৷ আনকি ভোটযুদ্ধৰ সময়ত ‘হালাল মাংস’ আৰু বিতৰ্কিত ছবি ‘দ্যা কেৰালা ষ্টৰী’ৰ প্ৰসংগও আছিল৷
তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰে বিজেপিৰ মন্ত্ৰীসকলে প্ৰচাৰত আগভাগ লৈয়ো বিজেপিৰ দূৰ্গ ৰক্ষা কৰিব নোৱাৰিলে৷ কৰ্ণাটকত ক্ষমতা হেৰুওৱা বিজেপিৰ বিৰুদ্ধে আছিল বহু দুৰ্নীতিৰো অভিযোগ৷ আৰু এই অভিযোগসমূহকে হাথিয়াৰ কৰি লৈছিল কংগ্ৰেছ দলে৷ কৰ্ণাটকত ক্ষমতা ধৰি ৰাখিবৰ বাবে বিজেপিৰ ভৰসা আছিল হিন্দুত্ব, মেৰুকৰণ এই দুই বিষয়ত৷ ‘জয় বজৰংবলী’ স্লোগানৰ পৰা আৰম্ভ কৰি ধৰ্মীয় বহু কথাই নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে কৈছিল৷ ভাৰতৰ পৰা কংগ্ৰেছে কৰ্ণাটক বিচ্ছিন্ন কৰিব বিচৰা বুলিও ভাষণত বহু বিজেপি নেতাই উল্লেখ কৰিছিল৷ ৯১ বাৰ কংগ্ৰেছে মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলিও জনাইছিল প্রধানমন্ত্ৰী মোদীয়ে৷
ইয়াৰোপৰি কেৰালা ষ্টৰীক লৈ বিজেপিৰ প্ৰায়সকল নেতাই কৈছিল, ‘কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰিব বিচাৰিছে৷ সেইকাৰণতেই দ্যা কেৰালা ষ্টৰীক সমৰ্থন কৰিছে কংগ্ৰেছে৷’ ইয়াৰোপৰি নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ অবিচি মুছলমানৰ ৪ শতাংশ কোটা বাতিল কৰি ৰাজ্যৰ দুই প্রভাৱশালী জনগোষ্ঠী লিঙ্গায়েত আৰু ভোক্কালিগাদাৰ মাজত বিভাজনৰ অংকও কৰিছিল৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৪০ শতাংশ কমিছনৰ অভিযোগৰ ওপৰিও কৰ্ণাটক চৰকাৰৰ দুগ্ধপ্ৰকল্প ‘নন্দিনী’ক পিছপেলাই মোদীৰ ৰাজ্যৰ ‘আমূল’ অনাৰো প্ৰস্তাৱ ৰাখিছিল৷ ৰাহুল গান্ধী আৰু প্ৰিয়ংকাই ধাৰাবাহিকভাৱে প্ৰচাৰত নামিছিল কৰ্ণাটকত৷ কিন্তু মেৰুকৰণৰ প্ৰসংগত দুই ভাতৃ-ভগ্নীয়েই নিমাত আছিল৷ তেওঁলোকে মোদীক ক’তোৱেই ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাছিল৷ হয়তো তাৰেই প্ৰতিফলনস্বৰূপে মেঙ্গালুৰু, দক্ষিণ কন্নৰ, উত্তৰ কন্নৰৰ দৰে উপকূলীয় অঞ্চলত কংগ্ৰেছে বিপুল ভোটত জয়লাভ কৰাৰ বিপৰীতে একেবাই ধৰাসায়ী হৈছে বিজেপি দল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ