• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি লাগে অসমক?

ক’ৰোনাৰ আঁৰ লৈ লুণ্ঠন চলাইছে হিমন্তবিশ্বই !

6 years ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

52 minutes ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

3 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

3 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

3 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

4 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

4 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

5 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

6 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

8 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ক’ৰোনাৰ আঁৰ লৈ লুণ্ঠন চলাইছে হিমন্তবিশ্বই !

চিকিৎসাৰ নামত স্বাস্থ্য বিভাগৰ ধাপ্পাবাজী, পদে পদে মিথ্যাচাৰ 

editor by editor
July 14, 2020
in লেখা
0
কি লাগে অসমক?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতবৰ্ষত ক’ৰোনা মহামাৰীৰ আতংক সৃষ্টি হোৱা চাৰিমাহ পাৰ হ’ল। হাত চাপৰি বজোৱা, কাঁহী-বাতি কোবোৱা, চাকি-বন্তি জ্বলাই ক’ৰোনা খেদাৰ আজৱ আজৱ কাণ্ডবোৰ এটাৰ পিছত এটাকৈ হৈ গ’ল। চৰকাৰে এনে পৰিস্থিতিত ক’ৰোনাৰ বিৰুদ্ধে ব্যাপক সতৰ্কতামূলক ব্যৱস্থাৰ জৰিয়তে জনতাক অভয় দি চিকিৎসা ব্যৱস্থা পানী নসৰকা কৰি তুলিবলৈ চেষ্টা কৰিব লাগিছিল। পিছে আমাৰ ইয়াত ওলোটা। জনতাই লাগিলে নাখাই মৰক, তথাপি জপনাৰ বাহিৰ হ’ব নোৱাৰিব। অন্য দুৰাৰোগ্য সকলো বেমাৰৰ চিকিৎসা বন্ধ। চিকিৎসালয়ে অন্য ৰোগীক ঘূৰিয়ে নোচোৱা হ’ল। মৰিলে মৰক, ক’ৰোনাহে আচল বেমাৰ। যেন ক’ৰোনাত মৰিলেহে মৰা! ব্যৱসায়-বণিজ স্তব্ধ। অফিচ-কাছাৰী বন্ধ। ক’ৰোনাৰ নামত অৰ্থনীতি ধ্বংস।

কিছুমান কথা শুনিবলৈ বেয়া, কিন্তু সেইবোৰেই সত্য। মাৰ্চ-এপ্ৰিল মাহতে অৰ্থাৎ ক’ৰোনাৰ প্ৰথমছোৱাতে আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে তোলপাৰ লগাই দিছিল বোলে কেৱল ক’ৰোনাৰ বাবে কেইবাখনো হাস্পতাল ততাতৈয়াকৈ নিৰ্মাণ হ’ব। ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ, হাস্পতাল খুলিবলৈ চৰকাৰক টকা দিয়ক, দিলে। এশ সাত কোটিৰো অধিক টকা (স্বাস্থ্যমন্ত্ৰীয়ে কৰা ঘোষণা মতেই) অসমৰ ব্যৱসায়ী, ৰাইজে যি যেনেকৈ পাৰে দিলে। আজিলৈকে হাস্পতালৰ কথা দুনাই স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বৰ মুখত কোনেও নুশুনা হ’ল। সৰুসজাই ষ্টেডিয়াম, খানাপাৰাৰ খেলপথাৰত প্লাষ্টিকৰ ছাল-বেৰ দি আজি মাহ মাহ ধৰি ‘কোভিড স্পেচিয়েলিটী হাস্পতাল’ পূৰ্ণোদ্যমে চলি আছে। আচলতে হাস্পতাল নহয়, ‘স্পেচিয়েল কেম্প’ বুলিলেহে শুনিবলৈ ভাল হ’ব। তাত থাকি হিমন্ত বিশ্বৰ স্বাস্থ্য বিভাগৰ ‘চিকিৎসা’ পাই থকাসকলেই সংবাদ মাধ্যম, সামাজিক মাধ্যম আদিত মুকলিকৈ কৈছে যে তালৈ হেনো চিকিৎসক নাযায়, নাৰ্ছো নাই। ‘পিল’ এটাও খাবলৈ নিদিয়ে। কিছুমান আলপৈচান ধৰা অস্থায়ী কৰ্মী মকৰল কৰি ‘কেম্প’ কেইটাত ‘স্পেচিয়েল’ চিকিৎসা দি আছে।মাংসই ভাতে খোৱা-বোৱা ঠিকেই দিয়ে। কম নাই সেইবোৰত। ঠিকাদাৰে যোগান ধৰিয়ে আছে।‘টেণ্ট’ৰ নামত দৈনিক কেইবালাখ টকা কোনোবা অনা-অসমীয়া ঠিকাদাৰৰ জেপলৈ গৈয়ে আছে। বিচনা, কাপোৰ-কানিৰ নামত বিশেষ বিশেষ ঠিকাদাৰে কোটি কোটি টকা আদায় নিছে। স্বাস্থ্য বিভাগৰ কাৰণে কোটি কোটি টকাৰ ‘ছেনিটাইজাৰ’ ক্ৰয় কৰা হৈছে এতিয়ালৈকে। প্ৰস্তুতকাৰী প্ৰতিষ্ঠান কাৰ? কিমান টকা দৰত ক্ৰয় কৰা হৈছে? সেইবোৰ দৰকাৰ নাই। কাৰণ ক’ৰোনাত মানুহ মৰিব! PPE কিটৰ যোগানৰ নামত কিমান টকা ক’লৈ গৈছে তাৰ হিচাপ নিবিচাৰিব, কাৰণ এতিয়া অসমত ভয়ংকৰ মহামাৰী। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বচালেহে বচোৱা। তেখেতে যি কৰে কৰিবলৈ দিয়ক, প্ৰশ্ন নকৰিব। অপৰাধ হ’ব। কোনো নিবিদা আদি নকৰাকৈ এইবোৰ সামগ্ৰী কিনিছে, ঠিকা দিছে, যোগানধাৰীক ফৰমাইছ দিছে, দিয়ক। জৰুৰী অৱস্থা, সেইবোৰ খুঁচৰিবলৈ নাযাব। ‘পাপে চুব’!

মানুহে ভয় খাইছে, কাৰণ নিতৌ মানুহক ভয় খুৱাই থকা হৈছে। গুৱাহাটীৰে বিভিন্ন এলেকাৰ পৰা দিনৌ অগণন মানুহক কোভিড ‘পজিটিভ’ লেবেল লগাই সৰুসজাই, খানাপাৰাৰ ‘কেম্প’লৈ জোৰকৈ নি ভৰাই থোৱা হৈছেগৈ। বহুবাৰ ‘নিগেটিভ’ ফলাফল অহা ব্যক্তি হঠাৎ স্বাস্থ্য বিভাগৰ ফোনত এসপ্তাহ-দহদিনৰ পিছতো ‘পজিটিভ’ হোৱাৰ নজিৰ অলেখ আছে। লগে লগে পুলিচৰ দল আহি টানি-আঁজুৰি গাড়ীত তুলি নি সৰুসজাই বা খানাপাৰাৰ ‘কেম্প’ৰ ‘ৰেজিষ্টাৰ’ বহীত নাম, ঠিকনা লৈ ভৰ্তি কৰোওৱা হৈছে। চিকিৎসা কিন্তু একোৱেই কৰা নহয়। দুটা বা তিনিটা দিনৰ পিছত সেই একেইজন ব্যক্তিক ‘নিগেটিভ’ বুলি কৈ পঠাই দিয়া হয়। ‘পজিটিভ’ বা ‘নিগেটিভ’ একো আনুষ্ঠানিক ‘ৰিপ’ৰ্ট’ তথাকথিত ‘ৰোগী’ক দিয়া নহয়। এইবোৰ কি? নাটক, ভণ্ডামি নহ’লে কি?

হয়, ক’ৰোনাত মৃত্যুৰ সংখ্যা বাঢ়িছে। কিন্তু মৃতসকলৰ অধিকাংশ ‘পজিটিভ’ বা ‘নিগেটিভ’ নিশ্চিত হোৱাৰ আগেয়েই মৃত্যুৰ মুখত পৰিছে। অৰ্থাৎ চিকিৎসা অবিহনেই মৃত্যু। তথ্য চালে দেখা পাব মৃত্যু ঘটা প্ৰায় আটাইকেইগৰাকীয়েই ক’ৰোনাৰ উপৰি পূৰ্বৰে পৰা অন্যান্য জটিল ৰোগত আক্ৰান্ত হৈ থকা বয়সস্থ ব্যক্তি। কোভিডৰ লক্ষণসমূহ পৰিস্ফুট নোহোৱা ব্যক্তিক নিজৰ ঘৰতে ৰাখি চিকিৎসা কৰাবলৈ থকা ‘গাইডলাইন’ আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই নামানে। পুলিচ লগাই, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী লগাই হকে-বিহকে কোভিড ‘পজিটিভ’ৰ মাৰ্কা মাৰি আক্ৰান্ত নোহোৱা লোককো আক্ৰান্ত দেখুৱাই প্ৰকৃত কোভিড আক্ৰান্তৰ চিকিৎসাত গাফিলতি কৰা হৈছে। মৃত্যুৰ সংখ্যা বাঢ়িছে, পৰিণতিত কোভিড-সন্ত্ৰাস বিয়পিছে।

স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই হাস্পতাল আৰু ‘কোভিড কেম্প’ত ক’ৰোনা আক্ৰান্তৰ সম্পূৰ্ণ তালিকাখন আনুষ্ঠানিক ‘ৰিপ’ৰ্ট’সহ ৰাজহুৱা কৰিব পাৰিবনে? প্ৰতিগৰাকী ক’ৰোনা আক্ৰান্তৰ চিকিৎসাৰ নামত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যক দিয়া ধনৰ পৰিমাণ কিমান ৰাইজক জনাবনে? PPE কিটৰ ক্ৰয়ৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰিব পাৰিবনে? ‘ছেনিটাইজাৰ’ৰ নামত স্বাস্থ্য বিভাগৰ পৰা কিমান টকা ব্যয় কৰা হ’ল আৰু কোন কোন প্ৰতিষ্ঠানৰ পৰা কিমান দৰত ক্ৰয় কৰা হ’ল জনাব পাৰিবনে? অন্যান্য যাৱতীয় ঔষধ-পাতি কোন কোন প্ৰতিষ্ঠানৰ পৰা কিনি আছে ৰাইজে জানিলে সুখী হ’ব। ক’ৰোনা স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ আশা দেখুৱাই ৰাইজৰ পৰা সংগ্ৰহ কৰা এশ সাত কোটিৰো অধিক টকা ক’ত ক’ত ব্যয় হ’ল, হাস্পতাল কি হ’ল ৰাইজে জানিব পাৰেনে?

এফালে কেন্দ্ৰীয় ধনৰ অংকত হকে-বিহকে কোভিড ‘পজিটিভ’ মাৰ্কা মাৰি নিৰোগী লোককো বলেৰে চিকিৎসাধীন(?) কৰি ‘ৰোগী’ৰ সংখ্যা বৃদ্ধি কৰা আৰু আনফালে, কোভিড আক্ৰান্ত দেখুৱাই এনেদৰে ভৰ্তি কৰা ব্যক্তিক দুই-এদিনতে মুকলি কৰি দি হিমন্ত বিশ্ব শৰ্মাই দুটা উদ্দেশ্য সাধন কৰিব খুজিছে। এক, ক’ৰোনা-ত্ৰাস সৃষ্টি কৰি সোঁৱে-বাঁৱে ধন ঘটা আৰু দুই, ‘চিকিৎসাৰ বলত’ অসমত ৰেকৰ্ডসংখ্যক ‘কোভিডমুক্ত’ ব্যক্তি দেখুৱাই দিল্লীৰ চকুত নিজকে দক্ষ, কৰ্মপটু, ‘অৱতাৰী’ স্বাস্থ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰা।

পিছে, আমি জানো, অসমৰ ৰাইজেও জানে- ‘শিয়াল’ আৰু ‘নীলা শিয়াল’ৰ মাজৰ প্ৰভেদ আছে। জানি থোৱা ভাল-মানুহৰ জীৱন, বিশ্বাসক লৈ খেলা কৰাৰ পৰিণতি সদায় ভয়াৱহে হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24covid relief fund assammanjit mahantaলেখা
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

July 27, 2026
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ
বিনোদন

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

July 27, 2026
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?
বাণিজ্য

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

July 27, 2026
Next Post
চন্দ্ৰপুৰত বানৰ কৱলত ২০খনকৈ গাঁও

চন্দ্ৰপুৰত বানৰ কৱলত ২০খনকৈ গাঁও

কাৰাগাৰৰ পৰা মুকলি হৈ কাৰাগাৰৰ ভিতৰৰ বহু কথা ক’লে মানস কোঁৱৰে

কাৰাগাৰৰ পৰা মুকলি হৈ কাৰাগাৰৰ ভিতৰৰ বহু কথা ক'লে মানস কোঁৱৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.