অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণ সন্দর্ভত ছ’চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত কাৰাগাৰলৈ যাব লগা হ’ল এজন লোক। বিগত বর্ষৰ নৱেম্বৰত ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণৰ দৃশ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল লোকজনে। তাৰপাছতে তেওঁক আতংক বিয়পোৱাৰ অভিযোগত আটক কৰি ৰাখিছিল প্ৰশাসনে। আৰু অৱশেষত আদালতে চৰকাৰ বিৰোধী কাম-কাজ আৰু মহামাৰীৰ অপপ্ৰচাৰৰ অভিযোগত ৪ বছৰৰ কাৰাদণ্ড বিহে ছিটিজেন জার্ণেলিষ্টগৰাকীক। এয়া চীনৰ ঘটনা। ক’ৰোনা ভাইৰাছৰ উৎপত্তিস্থল য়ুহানত যি সময়ত ক’ৰোনাই অবর্ণনীয় ৰূপ ধাৰণ কৰিছিল সেই সময়তে ঝ্যাং ঝান নামৰ এগৰাকী ছিটিজেন জার্ণেলিষ্টে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভয়াৱহ দৃশ্য লাইভ কৰিছিল। চৰকাৰে এই মহামাৰীৰ প্ৰকৃত তথ্য গোপন কৰাৰ অভিযোগ উত্থাপন কৰিছিল ঝানে। লগে লগে চৰকাৰ বিৰোধী কাম কৰাৰ অভিযোগত তেওঁক আটক কৰি ৰাখে প্ৰশাসনে। আৰু শেহতীয়াকৈ ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হ’ল ঝ্যাং ঝান। ইপিনে, ঝ্যাং ঝানে তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা আইনী ব্যৱস্থাক প্ৰত্যাহ্বান জনাই যোৱা জুনৰ পৰাই অনশন কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ