অসম লাইভ ২৪ঃ পতি-পত্নীৰ সম্পর্ক স্বর্গীয়। ভালপোৱাৰ এনাজৰীৰে বান্ধ খাই দুয়ো। অগ্নিক সাক্ষী কৰি সাতটা জনমৰ বাবে একলগ হয় দুটি দেহা, দুটি মন আৰু দুটি আত্মা। শেহতীয়া এটি খবৰে স্বামী-স্ত্ৰীৰ সম্পর্কক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ঝাৰখণ্ডৰ এহাল দম্পতীৰ কাহিনী এয়া। পত্নী গর্ভৱতী। পৰীক্ষা দিব D.Edৰ অর্থাৎ Diploma in Education। যাত্ৰা ১২০০ কিলোমিটাৰৰ। কিয়নো পৰীক্ষাৰ স্থান গোৱালিয়ৰ। বাছ অথবা ৰে’লত যাব নোৱাৰে। কাৰণ ক’ৰোনাৰ সন্ত্ৰাস। বিমোৰত দম্পতী। অৱশেষত লং ড্ৰাইভৰ পৰিকল্পনা। নিজৰ স্কুটাৰত ১২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পত্নীক লৈ গ’ল পৰীক্ষা কেন্দ্ৰলৈ। এই খবৰে এটা চর্চা লাভ কৰিছে সর্বত্ৰে। উল্লেখ্য যে স্বামীগৰাকী হ’ল ২৭ বছৰীয়া ধনঞ্জয় কুমাৰ আৰু পত্নী ২২ বছৰীয়া ছনি। অৱশ্যে ব্যক্তিগত গাড়ী ভাড়াত লৈ যোৱাৰ পৰিকল্পনা কৰিছিল দম্পতীহালে। কিন্তু দম্পতীহালে সেই পৰিকল্পনা বাতিল কৰিবলগীয়া হয়। কিয়নো তেওঁলোকে ভাড়াৰ বাবদ দিবলগীয়া হ’লহেঁতেন ৩০ হাজাৰ টকা। সেয়েহে ঘৰৰ পুৰণি স্কুটাৰটোৱে হৈ পৰিল একমাত্ৰ ভৰসা। উল্লেখ্য যে যাত্ৰাপথ আছিল যথেষ্ট কষ্টকৰ। ৰাস্তাত থকা গাঁত, নলা-নর্দমাই নৰক যন্ত্ৰণা দিছিল। অৱশ্যে স্বামী স্কুটাৰ চলোৱাত পাকৈত আছিল। আৰু দুয়োৱে পাতি গৈছিল বিবাহৰ প্ৰথম দিনবোৰৰ মধুৰ স্মৃতিৰ কাহিনী। বচ্ সহজ হৈ পৰিল যাত্ৰা। ২৮ আগষ্টত আৰম্ভ হোৱা যাত্ৰাৰ অন্ত পৰিছিল ৩০ আগষ্টত। স্বামী-স্ত্ৰীৰ অগাধ ভালপোৱাই সহজ কৰে জীৱনৰ যাত্ৰা। এই ঘটনাই হয়তো তাকে প্ৰমাণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ