অসম লাইভ ২৪ঃ চীনৰ বিৰুদ্ধে ভাৰতৰ সমান্তৰালকৈ অন্য দেশসকলেও আগুৰি ধৰিছে ৰঙাচীনক। জাপানেই কওক বা ভিয়েটনামৰ কথাই কওক, সকলো এতিয়া ক্ষুণ্ণ বেইজিঙৰ বিৰুদ্ধে। আনকি ৰাছিয়াও নাৰাজ চীনৰ শেহতীয়া নাভূত-নাশ্ৰুত কাণ্ড-কাৰখানাক লৈ। এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে শনিবাৰে দুখনকৈ এয়াৰক্ৰাফ্ট কেৰিয়াৰ দক্ষিণ-চীন সাগৰলৈ পঠালে আমেৰিকাই। অকল এয়াই নহয়, চলাব সামৰিক অনুশীলনো। মাৰ্কিন সংবাদ মাধ্যমৰ সূত্ৰ অনুযায়ী শনিবাৰৰে পৰা দক্ষিণ চীন সাগৰত আমেৰিকাই মোতায়েন কৰিছে USS ৰ’নাল্ড ৰেগান আৰু USS নিনিৎছ নামৰ দুখন যুদ্ধ বিমানবাহী জাহাজ। এই প্ৰসংগত মাৰ্কিন সেনাৰ এগৰাকী শীৰ্ষ বিষয়াই জনাইছে- ‘বিশ্ব শান্তি প্ৰতিষ্ঠা আৰু এছিয়াৰ আমাৰ বন্ধু ৰাষ্ট্ৰসমূহৰ প্ৰতি আমাৰ সমৰ্থনৰ বাৰ্তা দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’ উল্লেখ্য যে বিগত সপ্তাহত দক্ষিণ চীন সাগৰত সামৰিক অনুশীলন চলাব বুলি জানিবলৈ দিছিল বেইজিং কৰ্তৃপক্ষই। ১ জুলাইৰ পৰা এই অনুশীলন চলি আছে। চীনৰ এই অনুশীলনৰ বিৰুদ্ধে ভিয়েটনাম আৰু ফিলিপাইনছে তীব্ৰ আপত্তি দৰ্শাইছে। আমেৰিকায়ো আপত্তি কৰাৰ সত্ত্বেও চীনে জাৰি ৰাখিছে অনুশীলন। যুদ্ধংদেহি স্থিতিত থকা মাৰ্কিন নৌসেনায়ো চলাব সামৰিক অনুশীলন। দক্ষিণ চীন সাগৰক লৈ প্ৰায়ে দেশসমূহৰ মাজত দ্বন্দ্বৰ সৃষ্টি হৈ আহিছে। কিয়নো প্ৰতিবছৰে এই সাগৰৰ পথেৰে কোটি কোটি টকাৰ বাণিজ্য চলে। চীনে সাগৰখনৰ ৯০ শতাংশ এলেকা নিজৰ বুলি দাবী কৰি আহিছে। চীনৰ এই দাবীৰ ব্ৰুনেই, মালয়েছিয়া, ফিলিপাইন্ছ, টাইৱান আৰু ভিয়েটনামে বিৰোধিতাৰ কৰাৰ লগতে চীনৰ এয়া আগ্ৰাসন বুলি অভিহিত কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ