অসম লাইভ২৪ঃ
পাহৰণিৰ বুকুত আৰক্ষী বিষয়া জোনমণি ৰাভা। সময়ে গঢ়ে, সময়েই মচি নিয়ে। কিন্তু এগৰাকী মাতৃয়ে বুজে, সন্তানক হেৰুওৱাৰ দুখে কেনেদৰে হৃদয় ভাঙে? জোনমণিৰ মাতৃৰ বুকুত জ্বলি আছে একুৰা ক্ষোভৰ জুই। মাতৃয়ে বিস্ফোৰক মন্তব্য কৰি কৈছে, ‘মই জানো, জোনমণিক তেওঁলোকেই হত্যা কৰিছে৷’ কিন্তু তেওঁলোক কোন?
জোনমণি ৰাভাৰ মৃত্যুৰ ১০ দিন পাৰ হোৱাৰ পাছতো আগবঢ়া নাই মৃত্যুৰ তদন্ত৷ আজিকোপতি জেৰা কৰা হোৱা নাই সন্দেহৰ আঙুলি উঠা SP লীনা দলেক৷ মাতৃয়ে আকৌ এবাৰ ক্ষোভেৰে কৈছে, ‘মোৰ ছোৱালীৰ মৃত্যুৰ তদন্ত আগবঢ়া নাই৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰতো সময়েই নাই৷ সাধাৰণ এক্সিডেণ্টত যাব পাৰে কিন্তু ইয়ালৈ আহিব নোৱাৰে৷ এজন আৰক্ষী বিষয়াইয়ো আমাক দেখা দিবলৈ অহা নাই৷ চক্ৰান্ত কৰি তেওঁলোকে জোনমণিক হত্যা কৰিছে৷
এটা সাধাৰণ দুৰ্ঘটনা হ’লেই মুখ্যমন্ত্ৰীয়ে সেই স্থানত উপস্থিত হয়, কিন্তু এগৰাকী আৰক্ষী বিষয়াৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পাছতো এবাৰ খবৰ ল’বলৈ মুখ্যমন্ত্ৰীৰ আহৰি নোহোৱাটোক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে জোনমণিৰ মাতৃয়ে৷ কন্যাক হেৰুৱাই ভাঙি পৰা মাতৃয়ে আঙুলি টোৱাইছে কেইবাজনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে৷ মাতৃয়ে লগতে কয়, ‘মই মোৰ ছোৱালীক হেৰুৱালো৷ তাই গছ হৈ পৰিয়ালটোক ছাঁ দি আছিল৷ তাই নিজেই এক্সিডেণ্ট হৈ মৰিলে এই মৃত্যুক মানি ল’লোহেতেন৷ বেমাৰ হৈ মৰিলেও এই মৃত্যুক স্বীকাৰ কৰিলোহেতেন৷ তেওঁলোকে মাতি নি বুদ্ধি কৰি মাৰি পেলালে৷ লীনা দলেৰ মুখেৰে আজিও কিয় এটা মাত উলিয়াব নোৱাৰিলে? জোনমণিক মাতি নি কি বুজাইছিল লীনা দলে?
মাতৃয়ে লীনা দলেৰ উপৰিও আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটাও অভিযোগ৷ কিয় নিশা ১০ বজাত আভাজ্যোতিয়ে সেইদিনা মাতি নিছিল জোনমণি ৰাভাক? ইয়াৰোপৰি মাতৃৰ প্ৰশ্ন, ‘মোৰ ছোৱালীক হত্যা কৰি মোৰ ঘৰত ৰেড মাৰিবলৈ আহিল? মই হাতে ভৰিয়ে ধৰি সেইদিনা জোনমণি ক’ত আছে সুধিছিলো৷ জোনমণিৰ মৃত্যু হোৱাৰ কথা মোক কিয় কোৱা নাছিল? জোনমণিৰ নামত কেছ ৰেজিষ্টাৰ হোৱাৰ খবৰ দিলে কিন্তু এক্সিডেণ্টৰ কথা নক’লে৷ জোনমণিক এৰেষ্ট কৰিব, লকআপত ৰাখিব, আকৌ জে’ল হ’ব ক’লে৷ ডে’ডবডী চমজাই দিওতেওঁ অন্যৰ ছহী লৈ ডে’ডবডী কিয় দিয়া হ’ল?
এটা এটাকৈ বহুকেইটা প্ৰশ্ন আনিছে মাতৃয়ে৷ এই প্ৰশ্নসমূহ চিআইডি, চিবিআই তথা অসম আৰক্ষীয়ে কেতিয়াবা দিবনে? কন্যাক হেৰুৱাৰ যন্ত্ৰণা সামৰি মাতৃয়ে বাট চাইছে নিশ্চয় এগৰাকী চৰকাৰী বিষয়াৰ মৃত্যুৰ তদন্ত অসম চৰকাৰৰ গৃহবিভাগে সঠিকভাৱেই কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ