অসম লাইভ২৪ঃ আনৰ দাঢ়ি চুলি কাটিছিল। তিনিআলি মূৰত চুলি কাটি কাটিয়েই চাকৰিৰ বাবে পঢ়া শুনাও কৰিছিল ৰাজীৱ বৈশ্যই। দৈনিক কাম কৰিও জীৱন যুঁজত কেতিয়াও হাৰ নমনা ধমধমাৰ নিকটৱৰ্তী আংগাৰধোৱাৰ যুৱক ৰাজিৱ বৈশ্যই পালে চতুৰ্থ বৰ্গৰ চাকৰি৷
কালি ঘোষিত চতুৰ্থ বৰ্গৰ ফলাফলৰ নিযুক্তিৰ তালিকাত নাম দেখি উৎফুল্লিত হৈ পৰিল ৰাজীৱৰ লগতে বন্ধু বৰ্গ৷ ২০১৩ চনৰ পৰাই এখন চেলুনৰ দোকান দিছিল ৰাজীৱে৷ কিন্ত সদ্য ঘোষিত চতুৰ্থ বৰ্গৰ ফলাফলত ৰাজীৱ বৈশ্য স্থান পোৱাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালবৰ্গ৷
ৰাজীৱৰ এই সফলতাত শুকুৰবাৰে পুৱাই চকৰ দোকানী সকলে ৰাজীৱক গামোচাৰে শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে৷ স্বচ্ছ আৰু নিকাভাৱে চৰকাৰী চাকৰি লাভ কৰি অসম চৰকাৰ ধন্যবাদ জ্ঞাপন কৰিছে ৰাজীৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ