অসম লাইভ ২৪ ঃ ঐশ্বর্য ৰায় আৰু কন্যা আৰাধ্যাক হাস্পতালত ভর্তি৷ এসপ্তাহ পূর্বে বলীউডৰ শ্বেহেনশ্বাহ অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন ক’ৰোনাত আক্ৰান্ত হৈছিল৷এদিন পাছতেই বোৱাৰী আৰু নাতিনী আক্ৰান্ত হৈছিল ক’ভিড-১৯ত৷ এসপ্তাহ ধৰি ঐশ্বর্য আৰু আৰাধ্যা হোম কোৱাৰেণ্টাইন হৈ আছিল৷ কিন্তু হঠাৎ শুকুৰবাৰে স্বাস্থ্যৰ অৱনতি ঘটে ঐশ্বর্য আৰু আৰাধ্যাৰ৷ নিশাই দুয়োকে ভর্তি কৰোৱা হয় নানাৱতী হাস্পতালত৷ শুকুৰবাৰে নিশা তীব্ৰ জ্বৰ, চর্দি আৰু উশাহ লোৱাত কষ্ট পোৱাৰ বাবে ঘৰুৱা চিকিৎসকে হাস্পতালত ভর্তি হ’বলৈ উপদেশ দিয়ে৷ শেহতীয়াকৈ আৰাধ্যাৰ জ্বৰ কমিছে আৰু দুয়োৰে স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে৷ অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰো স্বাস্থ্য পূর্বতকৈ সুস্থিৰ বুলি জনাইছে চিকিৎসকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ