অসম লাইভ ২৪ঃ দেশত প্ৰথম চালকবিহীন মেট্ৰ’ ৰে’ল। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰথম চালকবিহীন মেট্ৰ’ ৰে’ল।
ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰে চালকবিহীন মেট্ৰ’ ৰে’ল সেৱা। দিল্লী মেট্ৰ’ ৰে’লত সংযোজন হ’ল এই নতুন সেৱা।
অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল উপস্থিত থাকে। মেজেণ্টা লাইনত চলিব এই চালকবিহীন মেট্ৰ’ ৰে’ল।
পশ্চিম জনকপুৰীৰ পৰা নয়দাৰ বটানিকেল গাৰ্ডেন মেট্ৰ’ ৰে’ল ষ্টেচনলৈ চলিব এই চালকবিহীন ৰে’লখন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ