অসম লাইভ২৪ঃ
ৰামচন্দ্ৰ হৈ কইনা আনিবলৈ সাজু হৈছে আচুৰ্য্য। ২৭ ফেব্ৰুৱাৰীত আচুৰ্য্যৰ বিয়া। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ আগবঢ়াৰ ক্ষণত সকলোৰে মুখে মুখে আচুৰ্য্যৰ বিবাহৰেই কথা। অহা ১৪ ফাগুনত আচুৰ্য্যই দেৰগাওঁৰ জীয়াৰী মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্মজীৱনৰ পাতনি মেলিব।
সৰুপথাৰৰ টেঙাহোলাৰ গোঁহাই গাঁৱৰ নিজ গৃহতেই অনুষ্ঠিক হ’ব বিবাহ। ২ মাৰ্চত অভ্যৰ্থনা অনুষ্ঠান। আচুৰ্য্যৰ বিবাহক কেন্দ্ৰ কৰি সৰুপথাৰত এতিয়া উখল মাখল পৰিবেশ। অভ্যৰ্থনাৰ বাবে দিয়া পেণ্ডেলেও দৃষ্টি কাঢ়িছে বহুতৰে। ব্যতিক্ৰমী বিয়াৰ নিমন্ত্ৰণী পত্ৰখনেও দৃষ্টি কাঢ়িছে বহুতৰে।
বিবাহৰ খবৰ ল’বলৈকে আঙুৰলতা ডেকা, কণ্ঠশিল্পী নীল আকাশকে ধৰি বহুজনেই উপস্থিত হৈছে আচুৰ্য্যৰ বাসগৃহত। ভাতৃৰ বিয়া উপলক্ষ্যেই মণ্টু গোঁহায়ে এক নতুন বিহুসুৰীয়া গীতো মুকলি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ