অসম লাইভ ২৪ : অৱশেষত কংগ্ৰেছে হেৰুৱালে পুডুচেৰিক। বিগত কিছুদিন ধৰি চলি থকা ৰাজনৈতিক অস্থিৰতাৰ ওৰ পৰিল সোমবাৰে। পুডুচেৰিৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ভেলু নাৰায়ণস্বামীয়ে কৰিলে পদত্যাগ। কেইবাগৰাকীও বিধায়ক আৰু মন্ত্ৰীৰ পদত্যাগৰ পিছত সংখ্যালঘুত পৰিণত হৈছিল শাসকীয় দল কংগ্ৰেছ। কংগ্ৰেছ আৰু dmkৰ মিত্ৰজোঁটৰ চৰকাৰে সোমবাৰে বিয়লি ৫ বজাত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগে তাৎপৰ্য বহন কৰিছে। উল্লেখযোগ্য যে এই ৰাজনৈতিক অস্থিৰতা দূৰ কৰিবৰ বাবে কিছুদিন পূৰ্বে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীও ৰাওনা হৈছিল পুডুচেৰিলৈ। এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ পিছত পুডুচেৰিত বিৰোধী বিজেপিয়ে চৰকাৰ গঠন কৰে নে ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন হয় সেয়া কিছুদিনৰ পিছত স্পষ্ট হৈ পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















