অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ত তেওঁ কিয় ঘৰ এৰি ওলাই আহিছিল সেই কথা প্ৰকাশ কৰিছে৷ ১০০ সংখ্যক খণ্ডত তেওঁ কয়, ‘৫০ বছৰ পূৰ্বে মই ঘৰ এৰি ওলাই আহিছিলো৷ সেইদিনা মই ভৱাই নাছিলো দেশৰ কোটি কোটি লোক মোৰ আপোন হৈ পৰিব৷ এক সুদৃঢ় সম্পৰ্কত মই বান্ধ খাম৷ এতিয়া দেশবাসীয়েই মোৰ সকলো৷ দেশখনেই মোৰ ঘৰ৷ এইসকল লোকক বাদ দি মই মোক ক’তোৱেই কল্পনা কৰিব নোৱাৰো৷’
ইয়াৰোপৰি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, ‘মন কী বাত মোৰ বাবে পূজা, উপাসনা, ই কেৱল এক অনুষ্ঠান নহয়৷ ১৯৭৮ ত মই প্ৰথম দিল্লীলৈ আহিছিলো৷ তেতিয়াই মই নিজক বুজিবলৈ আৰম্ভ কৰিছিলো৷ দিল্লীত জীৱনটো ন’কৈ গঢ়িলো৷ দিল্লীখন এখন পৃথক ঠাই৷ প্ৰথমেই মই ঘৰ এৰি ওলাই আহোতে জীৱনটো বৰ অকলশৰীয়া লাগিছিল৷ পাছলৈ দেশৰ জনতাৰ সৈতে যেতিয়া মই মনৰ কথাবোৰে শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলো তেতিয়াই জীৱনটো মোৰ পৃথক হৈ পৰিল৷ এতিয়া দেশৰ প্ৰতিজন জনতাই মোৰ আপোন৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ