অসম লাইভ ২৪ঃ টুইটাৰৰ এটা টুইটেই কাল হ’ল GoAirৰ এজন জ্যেষ্ঠ পাইলটৰ।
এটা টুইটৰ বাবেই চাকৰি হেৰুৱাব লগা হ’ল GoAirৰ পাইলটগৰাকীয়ে।
৭ জানুৱাৰীৰ দিনা পাইলটগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিজৰ টুইটাৰ হেণ্ডেলত এক টুইট কৰিছিল৷ পিছে সেই টুইটটোৰ বাবেই কোম্পানীৰ ৰোষত পৰিল পাইলটগৰাকী৷ হেৰুৱাব লগা হ’ল চাকৰি৷ GoAirৰ কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা হয় যে, কোম্পানীৰ নীতি-নিয়ম কৰ্মচাৰীয়ে মানিবই লাগিব লগতে কৰ্মচাৰীয়ে সামাজিক মাধ্যমত কোনোধৰণৰ নিজস্ব মত দাঙি ধৰিব নোৱাৰিব৷
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা টুইটৰ বাবে পৰৱৰ্তী সময়ত টুইটাৰত ক্ষমাও বিচাৰিছিল পাইলটগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ