অসম লাইভ২৪ঃ
সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পাছতেই ছেবাই বাতিল কৰিলে বিজ্ঞান বিষয়ৰ পৰীক্ষা।
ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত আগতীয়াকৈ ভাইৰেল হোৱাৰ পাছতেই পৰীক্ষা বাতিল কৰাৰ ঘোষণা ছেবাৰ।
সোমবাৰে অনুষ্ঠিত হ’ব লগা বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত মাজনিশা মোবাইলে মোবাইলে ভাইৰেল হৈ পৰাৰ পিছতে এই ঘোষণা ছেবাৰ।
এক নিৰ্দেশনা যোগে পৰীক্ষা বাতিলৰ কথা সদৰি কৰিছে ছেবা কৰ্তৃপক্ষই।
প্ৰশ্নকাকত বাতিল হোৱাৰ পিছতে ৰাজ্যজুৰি সষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিবেশৰ।
পৰীক্ষা বাতিল সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদত নামি পৰিছে।
ইয়াৰ মাজতে মেট্ৰিক পৰীক্ষাক লৈ টুলুঙা মন্তব্য কৰিলে বিজেপি বিধায়ক চক্ৰ গগৈয়ে।
বিধায়ক চক্ৰধৰ গগৈয়ে কয়-‘প্ৰশ্নকাকত ভাইৰেল হৈছে ভালেই হৈছে। পৃথিৱী ওলটি যোৱা একো ঘটনা ঘটা নাই।’
পৰীক্ষা বাতিলৰ মাজতে বিজেপি বিধায়কৰ এই ভেঙুচালি মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ