অসম লাইভ২৪ঃ ইনফ্লুয়েঞ্জাৰ প্ৰাদুৰ্ভাৱ দেশত বৃদ্ধি পাইছে৷ বহুসংখ্যক শিশুৱেই আক্ৰান্ত হৈছে ইনফ্লুয়েঞ্জাত৷ ইনফ্লুয়েঞ্জাৰ উপসৰ্গসমূহ সাধাৰণতে আমি সকলোৱে জানো৷ মূৰৰ বিষ, নাকেৰে পানী ওলোৱা, কাঁহ, গাৰ বিষ ইত্যাদি৷ সাধাৰণতে এই লক্ষণসমূহক আমি সাধাৰণ পানীলগা জ্বৰ বুলিয়েই ধৰি লওঁ৷ প্ৰকৃততে এইসমূহ ইনফ্লুয়েঞ্জাৰেই লক্ষণ৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰামতে প্ৰতিবছৰে বিশ্বত ৬ লাখ ৫০ হাজাৰ লোকৰ মৃত্যু হয় ইনফ্লুয়েঞ্জাত৷ শিশুসকলৰ ক্ষেত্ৰত ইনফ্লুয়েঞ্জা প্ৰাণঘাতী হ’ব পাৰে৷
শিশুসকল ইনফ্লুয়েঞ্জাত আক্ৰান্ত হ’লে কেনেকৈ যত্ন ল’ব?
ইনফ্লুয়েঞ্জাৰ পৰা ৰক্ষা পাবলৈ শিশুসকলক পানী খোৱাৰ পৰিমান বৃদ্ধি কৰিব লাগিব৷ তৰল খাদ্য খোৱাত গুৰুত্ব দিব লাগে৷
গুৰুতৰভাৱে পেটৰ খেলিমেলি হ’লে ORS লোৱাটো প্ৰয়োজনীয়৷
জ্বৰৰ মাত্ৰা বাঢ়ি গ’লে পেৰাছিটামল ল’ব পাৰে৷
শিশুৰ ক্ষেত্ৰত ঔষধ দিওতে চাৰি ঘণ্টাৰ ব্যৱধান মানি চলিব৷
ঔষধ খাইয়ো জ্বৰ নকমিলে কাপোৰ তিয়াই কপালখন ঘনাই মোহাৰি থাকিব৷
শিশুটোৰ জ্বৰৰ মাত্ৰা, শ্বাস-প্ৰশ্বাসৰ হাৰ, খোৱাৰ পৰিমান, প্ৰস্ৰাৱৰ ওপৰতো নজৰ ৰাখিব৷
শিশুৰ শৰীৰত কোনকেইটা লক্ষণে ধৰা দিলে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিব লাগে?
৫ দিনতকৈ বেছি জ্বৰ থাকিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷
স্বাভাৱিকভাৱে শ্বাস-প্ৰশ্বাস লোৱাতকৈ শ্বাস-প্ৰশ্বাস দ্ৰুত হ’লে৷
শ্বাস লোৱাৰ সময়ত বুকুত অস্বাভাৱিক পৰিবৰ্তন ধৰা পৰিলে৷
নাকৰ পাহি ফুলি উঠিলে৷
শিশুটিয়ে খাদ্যগ্ৰহণত অনিহা প্ৰকাশ কৰিলে৷
প্ৰতিদিনে ৫ বাৰতকৈ কম প্ৰস্ৰাৱ হ’লে৷
হঠাৎ সংজ্ঞাহীন হৈ পৰিলে৷
উল্লেখ্য যে, বিশ্বস্বাস্থ্য সংস্থাই জনোৱা অনুসৰি শিশুসকলক প্ৰতিবছৰে ফ্লুৰ প্ৰতিষেধক দিয়াটো অতি জৰুৰী৷ প্ৰতিষেধক লোৱাৰ পিছত এই ফ্লু হ’লেও ইয়াৰ প্ৰভাৱ বেছি নহয়গৈ৷ সংক্ৰমিত মানুহৰ সংস্পৰ্শত আহিলেও এই ভাইৰাছ বিয়পাৰ সম্ভাৱনা থাকে৷ এই ফ্লুৰ পৰা ৰক্ষা পাবৰ বাবে শিশু থকা ঘৰৰ প্ৰত্যেকঘৰ মানুহেই ঘৰটো পৰিস্কাৰকৈ ৰাখিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ