ধাৰাসাৰ বৃষ্টি, ভয়ংকৰ হৈ পৰিছে গুজৰাটৰ বান পৰিস্থিতি৷ বানত বৰ্তমানলৈকে প্ৰায় ২৯গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ গৃহহীন হৈছে ২৩ হাজাৰৰো অধিক লোক৷ বান ক্ষতিগ্ৰস্থক উদ্ধাৰৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে বিপৰ্যয় মোকাবিলা বাহিনী৷ এই বান পৰিস্থিতিৰ মাজতেই গুজৰাটৰ ১১খন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট৷ য়েল্লো এলাৰ্ট আছে ২২খন জিলাত৷ নতুন কৈ আকৌ বৰষুণ দিলে বান পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিব৷
বিগত কেইবাদিন ধৰি গুজৰাটত অব্যাহত আছে বৰষুণ৷ বৰষুণৰ ফলত একাধিক এলেকা ডুব গৈছে পানীত তলত৷ মৌছুম ভৱনৰ তৰফৰ পৰা কেইবাটাও এলেকালৈ ৰেড এলাৰ্ট জানি কৰা হৈছে৷ দ্বাৰকা, জামেনগৰ, মোৰাবি, সুৰেন্দ্ৰ নগৰ, ৰাজকোট, জুনাগড়, আমৰেলি,ভাৱনগৰসহ একাধিক স্থানত বৰষুণৰ সম্ভাৱনা এতিয়াও আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ