অসম লাইভ২৪ঃ
প্রধানমন্ত্ৰীয়ে মোদীয়ে অৱশেষত মুখ খুলিছে। আগতেও অনাস্থা প্ৰস্তাৱ মোৰ বিৰুদ্ধে লৈছে কিন্তু তেওঁলোকৰ নিজৰ সাংসদেই ভোট নিদিলে। মোদীয়ে কয়, ‘জনতাই এওলোকৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে। সেয়ে আমাৰ এন ডি এ আকৌ জয়ী হৈছে। বিৰোধীৰ অনাস্থা প্ৰস্তাৱ আমাৰ বাবে শুভ। এনডিএ আৰু বিজেপি ২৪ ৰ নিৰ্বাচনত জনতাৰ আশীৰ্বাদ লৈ আকৌ চৰকাৰ কৰিব। বিৰোধীৰ প্ৰস্তাৱক লৈ ৩ দিন ধৰি বেলেগ বেলেগ কথাৰ আলোচনা হৈছে। বিগত দিনত এই সংসদতেই বহু বিল পাছ হৈছে। বহু মহত্বপূৰ্ণ বিল ইয়াৰ পৰা পাছ হৈছে। দেশত বহু গম্ভীৰ আলোচনাৰ বিষয় আছে। বহু লোকৰ ভৱিষ্যতৰ কল্যাণৰ কথা পাতিবলৈ বিৰোধীৰ ৰুচিয়েই নাই। জনতাই কি কথা পাতিবলৈ পঠিয়াইছিল পাতিছে কি? জনতাৰ আশা তেওঁলোকে ভংগ কৰিছে।
দেশতকৈ দল ডাঙৰ, জনতাতকৈ তেওঁলোকৰ বাবে দল ডাঙৰ। দৰিদ্ৰৰ ভোক আপোনালোকে চিনি নাপাই আপোনালোক শাসনৰ গাদী চিনি পায়। আপোনালোকৰ দেশৰ যুৱকৰ ভৱিষ্যতক লৈ চিন্তা নাই আপোনালোকৰ চিন্তা কেৱল নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ চিন্তা। আপোনালোকে ভ্ৰষ্টাচাৰী সহযোগীসকলক লগত লৈ এই প্ৰস্তাৱ আনিছে। অধ্যক্ষ মহোদয় মন কৰিব। বিৰোধীয়ে ফিল্ডিং কৰি আছে চক্কা আমি মাৰি আছো। ইফালৰ পৰা চেঞ্চুৰি সিফালৰ পৰা অকল নো বল। আপোনালোক ৰেডী হৈ আহক। এনেকৈ অনুশীলন নকৰাকৈ কেলে আহে। মই ৫ বছৰ সময় দিছো অনুশীলনৰ বাবে তাৰপিছতো জিকিব নোৱাৰে। বিৰোধী সতীৰ্থসকলক কৈছো, দেশেও আপোনালোকক চাই আছে। আপোনালোকৰ এটা এটা শব্দ দেশে শুনি আছে। কিন্তু আপোনালোকে প্ৰত্যেকবাৰ দেশক নিৰাশ কৰিছে।
এই অনাস্থা প্ৰস্তাৱখন বিচিত্ৰ। বিৰোধী দলৰ আটাইতকৈ ডাঙৰ নেতাই প্ৰস্তাৱখন নানিলে। পূৰ্বে যিমানবাৰ অনাস্থা প্ৰস্তাৱ আহিছে প্ৰত্যেকবাৰেই লীডাৰজনে অনাস্থা প্ৰস্তাৱ আনে। তেওঁৰ নিজৰ পাৰ্টীয়ে তেওঁক ক’বলৈ সুযোগ নিদিলে। অমিত ভাইয়েও কৈছে আপোনাৰ উদাৰতাৰ কথা। গুৰক কেনেকৈ গুবৰ কৰে এই কামত আপোনালোক ভাল। আপোনাৰ অসুবিধা ক’ত? কিয় অধীৰ বাবুক আঁতৰাই দিলে? কলকাতাৰ পৰা ফোন আহিল নেকি? কংগ্ৰেছে বাৰে বাৰে তেওঁৰ অপমান কৰে। হাঁহি লওক এই সুযোগতে। ২১ শতিকাৰ এই সময় ভাৰতৰ বাবে ভাল সময়। ১৪০ কোটি জনতাৰ বাবে ভাল সময় আৰম্ভ হৈছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















