অসম লাইভ ২৪ঃ সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই শনিবাৰে ভাৰতত আৰম্ভ হ’ল কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী। সমগ্ৰ দেশতে প্ৰায় ৯১ হাজাৰ লোকে ল’লে কোভিডৰ টিকা। পিছে টিকা লোৱাৰ পাছতেই আৰম্ভ হ’ল ইয়াৰ পাৰ্শ্বক্ৰিয়া। স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা এই টিকা ল’লে কোনো পাৰ্শ্বক্ৰিয়া নহয় বুলি কোৱাৰ পাছতো শনিবাৰে দিল্লী আৰু ৰাজস্থানত ৫২ জন লোকৰ শৰীৰত দেখা পোৱা গ’ল এলাৰ্জি। ইয়াৰে অধিকাংশৰ শৰীৰতেই গম্ভীৰ ৰূপত এলাৰ্জিৰ লক্ষণে দেখা দিছে। সম্প্ৰতি এইসকল লোক চিকিৎসকৰ তত্ত্বাৱধানত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ