অসম লাইভ ২৪ঃ মহাৰাষ্ট্ৰৰ জাতীয়তাবাদী নেতা ৰাজ থাকৰেৰ হুংকাৰৰ ওচৰত সেও মানিবলৈ বাধ্য হ’ল আমেৰিকাৰ বহুজাতিক কোম্পানী । মহাৰাষ্ট্ৰ নৱ নির্মাণ সেনাৰ সৈতে কিছুদিন ধৰি ভাষাকেন্দ্ৰিক বিবাদ চলি আছিল এমাজনৰ অৱশেষত এমাজন নতশিৰ হ’ল।
ই কর্মাচ ৱেব ছাইট এমাজনত মাৰাঠী ভাষা সংযোজনৰ দাবী জনাইছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই। কিন্তু এমাজনৰ পৰা কোনো ইতিবাচক উত্তৰ পোৱা নাছিল ৰাজ থাকৰেৰ দলে। এমাজনৰ তৰফৰ পৰা আইনী ব্যৱস্থাহে গ্ৰহণ কৰে। কিন্তু শুকুৰবাৰে মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাই এমাজনৰ আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰে।
ইয়াৰ পাছত আজি এমাজন কৰ্তৃপক্ষই ৰাজ থাকৰেৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে। শনিবাৰে এমাজন কৰ্তৃপক্ষ আৰু মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ বিষয়ববীয়াৰ মাজত ভিডিঅ’ কনফাৰেন্সিংযোগে আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত এমাজনে ক্ষমা বিচৰাৰ লগতে ই কমাৰ্চ ৱেবছাইটটোত মাৰাঠী ভাষা সংযোজনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শীঘ্ৰে এমাজনৰ ৱেবছাইট আৰু এপ্লিকেচনত মাৰাঠী ভাষা উপলব্ধ হ’ব। অসম জাতীয়তাবাদীসকলে মন কৰা ভাল ইয়াকে বোলে জাতীয়তাবাদ, ভাষাপ্ৰেম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ