অসম লাইভ২৪ঃ অসম মেডিকেল কলেজৰ ডাঃ সৰিতা তচনিৱালৰ হত্যাকাণ্ড গোচৰৰ ৰায়দান ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশ আদালতৰ। ৯ বছৰৰ পাছত আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ সৰিতা তচনিৱালৰ চাঞ্চল্যকৰ ধৰ্ষণসহ হত্যাৰ কাণ্ডৰ চূড়ান্ত ৰায়দান। গোচৰটোৱে ৯ বছৰৰ পিছত আজি ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতত ন্যায় লাভ কৰাৰ সম্ভাৱনা আছে। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৃশংসভাবে হত্যা কৰা হৈছিল ডাঃ সৰিতা তচনিৱালক।
অভিযোগমতে বিগত ২০১৪ চনৰ ৯ মে’ৰ পুৱতি নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ আইচিইউত কৰ্তব্যৰত অৱস্থাত মেডিকেলৰে চিকিৎসক ডাঃ দীপমণি শইাকীয়া আৰু ৱাৰ্ড বয় কিৰু মেচে নৃশংসভাৱে হত্যা কৰিছিল ডাঃ সৰিতাক তচনিৱালক।
এই শিহৰণকাৰী তথা নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল ৰাজ্যৰ লগতে সমগ্র দেশ। প্রতিবাদত উত্তাল হৈ পৰিছিল সমগ্ৰ অসম। অভিযুক্তৰ ফাঁচীৰ দাবীত ক্ষোভৰ দাবানলে কঁপাই তুলিছিল ৰাজ্যৰ চৌদিশ। ঐতিহাসিক অসম মেডিকেল কলেজৰ প্ৰসূতি বিভাগতেই সংঘটিত হৈছিল ৯ বছৰৰ পূৰ্বে সেই লোমহর্ষক হত্যাকাণ্ডৰ।
সেই সময়ত ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাত ৩৭০/১৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছিল। উক্ত হত্যাকাণ্ডৰ বাবে মেডিকেলৰে চিকিৎসক ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেছক প্রধান অভিযুক্ত হিচাপে চিনাক্ত কৰি তেতিয়াই হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত দুয়ো জামিন লাভ কৰিছিল৷
সুদীর্ঘকাল ৯ বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ দুয়োপক্ষৰ শুনানি, বাদ-বিবাদ, মোকদ্দমাৰ পাছত সেই গোচৰৰ ৰায়দান ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতে ১২ মে’ত চূড়ান্ত ৰায়দান দিয়ে। ৰায়দানত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰে আদালতে। আনহাতে ঘটনাৰ আন এক অভিযুক্ত ৱাৰ্ড বয়, কিৰু মেছক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে আদালতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ