অসম লাইভ ২৪ঃ সৰিয়হৰ ডুলিতে ভূত। মুম্বাই পুলিচৰ ফালৰ পৰা কোনোৱে সহায় কৰিছে ৰিয়া চক্ৰৱৰ্তীক। এই অভিযোগ উত্থাপন কৰিছে সুশান্তৰ পৰিয়ালৰ অধিবক্তাই। ইতিপূৰ্বেই সুশান্তৰ পিতৃয়ে ৰিয়াৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছে পাটনা থানাত। সুশান্তৰ সকলো অনুৰাগীয়ে বিচাৰিছে সঠিক তদন্ত হওক সুশান্তৰ মৃত্যুৰ। প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে সুশান্তৰ পিতৃ, ভগ্নী, অভিনেত্ৰী অংকিতা লখণ্ডেও কেতবোৰ অভিযোগ তুলিছে। এনে সময়তে মুম্বাই পুলিচৰ ফালৰ পৰা কোনো আৰক্ষী বিষয়াই ৰিয়াক সহায় কৰিছে বুলি অভিযোগ তুলিছে সুশান্তৰ পৰিয়ালৰ অধিবক্তা বিকাশ সিঙে। সেইবাবে সুশান্তৰ আত্মহত্যাৰ তদন্ত বিহাৰ পুলিচৰ পৰিৱৰ্তে মুম্বাই পুলিচক দায়িত্ব দিবৰ বাবে ছুপ্ৰীম ক’ৰ্টত আৱেদন জনায় ৰিয়াই। ৰিয়াৰ বিৰুদ্ধে সুশান্তৰ পিতৃয়ে FIR দাখিল কৰাৰ পাছতে ৰিয়াই ছুপ্ৰীম ক’ৰ্টত আৱেদন দাখিল কৰে। ইফালে সুশান্তৰ অনুৰাগীয়ে মৃত্যুৰ তদন্ত CBI-য়ে কৰাটো বিচাৰিছে। বুধবাৰে বিয়লি মুম্বাই আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সৈতে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়। কেইবাঘণ্টীয়া এই বৈঠকৰ অন্তত অনিল দেশমুখে এই তদন্তৰ বাবে CBIৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে পাটনা থানাত সুশান্তৰ পিতৃয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৬৪১, ৩৪২, ৩৮০, ৪০৬, ৫০৬, ৩০৬ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ