অসম লাইভ২৪ঃ ৬ মে’ত লখিমপুৰৰ পৰা ৬ লাখ টকা কিয় আনিছিল জোনমণি ৰাভাই? লখিমপুৰত জোনমণিৰ বিৰুদ্ধে ১৫ মে’ত ৰুজু হৈছিল গোচৰ৷ ভাৰতীয় দণ্ডবিধি ১২০(বি), ৩৯৫, ৩৯৭, ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত জোনমনিৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। অসম আৰক্ষীৰ ৱেবচাইটত থকা সেই এজাহাৰ এতিয়া সকলোতে ভাইৰেল হৈ পৰিছে। এই ভাইৰেল এজাহাৰক লৈ উত্থাপিত হৈছে কেইবাটাও প্ৰশ্ন?
কিয় হঠাতেই লখিমপুৰলৈ গৈছিল জোনমণি ৰাভা? আমিনা খাতুনৰ পৰিয়ালৰ সৈতে জোনমণিৰ কি সম্পৰ্ক? আমিনাৰ পৰা জোনমণিয়ে কিয় লৈছিল ৬ লাখ টকা?
জোনমণিৰ মৃত্যুক যেন কোনেও এতিয়া সহজভাৱে ল’ব পৰা নাই। মৃত্যুৰ পূৰ্বে লখিমপুৰ থানাত জোনমণিৰ বিৰুদ্ধে ৰুজু হৈছিল ৬ লাখ টকা ধনদাবীৰ এক গোচৰ। চলিত মাহৰেই ১৫ মে’ ত আমিনা খাতুন নামৰ এগৰাকী মহিলাই জোনমণিৰ বিৰুদ্ধে তৰিছিল গোচৰ। লখিমপুৰৰ বৰচলা আমিনা খাতুনৰ এজাহাৰৰ পাছতেই জোনমণিৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত ৰুজু হৈছিল গোচৰ। আমিনা খাতুনে এজাহাৰত উল্লেখ কৰা অনুযায়ী ৬মে’ৰ নিশা প্ৰায় ২ বজাত SI জোনমণি উপস্থিত হৈছিল৷ লগত আছিল মুৰমহম্মদ কালিয়া, আজিমুদ্দিন, মুস্তাক আহমেদ, মুক্তাৰ হুছেইন, আটাবুৰ ৰহমান, নজৰুল ইছলাম৷ আমিনা খাতুনৰ ঘৰত উপস্থিত হওঁতে লগত লৈ গৈছিল ৬জনীয়া দল৷
সেই নিশাই আমিনা খাতুনৰ পুত্ৰক মাতৃৰ সন্মুখতে প্ৰহাৰ কৰাৰ লগতে আমিনাৰ পুত্ৰ আজগৰক লগত লৈ আহিছিল জোনমণিৰ দলটোৱে। কেৱল আজগৰক লৈ অনাই নহয় আমিনাৰ ঘৰৰ পৰা সেই নিশা জোনমণিৰ দলটোৱে ৮০ হাজাৰ টকাৰ লগতে ভোটাৰ আই ডি, পান কাৰ্ড আৰু সোণৰ অলংকাৰো লৈ অহা বুলি এজাহাৰত উল্লেখ কৰিছে আমিনাই। ইয়াৰোপৰি এজাহাৰত উল্লেখ থকামতে ৬ মে’ৰ নিশা আজগৰক লৈ অহাৰ পিছত পিছদিনা অৰ্থাৎ ৭ মে’ ৰ পুৱা SI জোনমণিয়ে আমিনাক ৬ লাখ টকাসহ গহপুৰৰ অৰুণাচল বাইপাছলৈ মাতে৷ জোনমণিয়ে ৬ লাখ টকা লৈ ব্ৰেজা বাহনসহ পুত্ৰ আজগৰক মুকলি কৰি দিয়ে৷ ইয়াৰে ৯০ হাজাৰ টকা তেওঁৰ সৈতে যোৱা ৰিয়াজুলৰ একাউণ্টত লয়৷
ইয়াৰোপৰি আমিনাই এজাহাৰত উল্লেখ কৰিছে যে জোনমণি ৰাভাই আজগৰক গুলীয়াই দিম বুলিও ভাবুকি দিছিল। এই কথা অইন কাকোৱেই যাতে নজনাই অন্যথা গুলীয়াই দিয়া হ’ব বুলি ভাবুকি দিছিল বুলিও এজাহাৰত আমিনাই উল্লেখ কৰিছে। ৬ মে’ ত এই ঘটনা সংঘটিত হোৱাৰ এসপ্তাহৰ পাছত আমিনা খাতুন কাষ চাপে আৰক্ষীৰ৷ আৰক্ষীয়ে এই এজাহাৰ ১৫ মে’ত ৰেজিষ্টাৰ কৰে৷ ১৫ মে’ ত জোনমণি আৰু তেওঁৰ ৬ সংগীৰ বিৰুদ্ধে ৰুজু হয় গোচৰ৷ ভাৰতীয় দণ্ডবিধি ১২০(বি), ৩৯৫, ৩৯৭, ৩৪২, ৩৮৭ ধাৰাৰ অধীনত ৰুজু হয় গোচৰ৷
জোনমণিয়ে সোমবাৰে নিশা মৃত্যুক সাবটি লোৱাৰ পাছতেই এতিয়া জনতাৰ মনত আহিছে হাজাৰটা প্ৰশ্ন। এই মৃত্যু দুৰ্ঘটনাত হ’লেও আঁৰত যেন সোমাই আছে বহু ৰহস্য! শেহতীয়াকৈ ভাইৰেল এজাহাৰো এই মৃত্যুৰ সৈতে সাঙোৰ খাই পৰাও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ