অসম লাইভ২৪ঃ হিমাচলৰ পাছতেই দক্ষিণত থকা একমাত্ৰ দূৰ্গ কৰ্ণাটকতো বিজেপিৰ পৰাজয়৷ গেৰুৱা শিবিৰত খহনীয়া যেন আৰম্ভ হৈছে৷ বিগত ৭ মাহত অনুষ্ঠিত নিৰ্বাচনত এটাতো ভাল ফলাফল দেখুৱাব পৰা নাই বিজেপি দলে৷ বিগত আঢ়ৈ বছৰ ধৰি ৬ ৰাজ্যত বিজেপিৰ শোচনীয় পৰাজয় হৈছে৷ এই পৰাজয়ৰ পাছতেই স্বাভাৱিকভৱেই চাপ পৰিছে বিজেপি দলৰ সভাপতি জেপি নাড্ডাৰ ওপৰত৷ আনহাতে কংগ্ৰেছৰ সভাপতি হৈয়েই মল্লিকাৰ্জূন খড়্গে দললৈ পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে৷
বিগত ছেপ্টেম্বৰ মাহৰ পৰা অনুষ্ঠিত নিৰ্বাচনসমূহ হৈছে মেঘালয়, দিল্লী(পৌৰনিগম), হিমাচল প্ৰদেশ আৰু কৰ্ণাটকৰ নিৰ্বাচন৷ এইসমূহৰ ভিতৰত কেৱল মেঘালয়ত হে বিজেপিয়ে শাসনৰ গাদী দখল কৰে৷ গুজৰাট নিৰ্বাচনত কিন্তু প্ৰধানমন্ত্ৰী মোদীৰেই যাদু চলিল৷ অৰুণাচল আৰু ত্ৰিপুৰাত বিজেপিয়েই জয়লাভ কৰিলে৷ কাহিনী তাতেই শেষ নহয়৷ ২০২১ চনৰ পাছত পশ্চিমবংগ, দিল্লী, তামিলনাডু, কেৰালা, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত গেৰুৱা শিবিৰে পৰাজয়ৰ সন্মুখীন হৈছে৷
মল্লিকাৰ্জূন খড়্গে দায়িত্ব লোৱাৰ পাছতেই কংগ্ৰেছৰ ভিতৰচৰাতো বহু পৰিবৰ্তন আহিছে৷ ২০১৪ চনৰ পাছত এটাৰ পাছত আনটো পৰাজয়ৰ গ্লানি কঢ়িয়াব লগা হৈছিল কংগ্ৰেছে৷ সেই পৰাজয়ৰ ছবি এতিয়া সলনি হৈছে৷ বিগত দুমাহৰ ভিতৰত কংগ্ৰেছে অনা পৰিবৰ্তন সকলোৰে চকুত পৰিছে৷ বিগত ৭ মাহত বিজেপিৰ সৈতে নেক-টু-নেক ফাইট কৰিছে কংগ্ৰেছে৷ দুখন ৰাজ্য বিজেপিৰ হাতৰ পৰা আজুৰি অনাত সফল হৈছে কংগ্ৰেছ দল৷ চলিত বছৰতেই আৰু কেইবাখনো ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা৷ ৰাজস্থান, ছত্তিশগড়, মধ্যপ্ৰদেশ. তেলেংগানা, মিজোৰামত নিৰ্বাচনৰ সম্ভাৱনা৷
উল্লেখ্য যে আজিৰ নিৰ্বাচনী ফলাফলত বিজেপিৰ পৰাজয়ৰ পাছতেই নতুন দিল্লীস্থিত দীনদয়াল উপাধ্যায় মাৰ্গত দেখা গৈছে নিস্তব্ধতা৷ বিজেপিৰ কাৰ্যালয়ত শ্মশানৰ নীৰৱতা অহাৰ বিপৰীতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দেখা গৈছে আনন্দমূখৰ পৰিবেশ৷ ইফালে বিজেপিৰ ভিতৰচৰাত সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা আৰু সাধাৰণ সম্পাদক বিএল সন্তোষৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে৷ বহুতেই এতিয়া মন্তব্য কৰিছে যে বিজেপিৰ সভাপতিৰ দূৰ্বল পাৰফৰ্মেঞ্চৰ বাবেই কংগ্ৰেছৰ উত্থান আৰম্ভ হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ