অসম লাইভ ২৪ঃ ৫ আগষ্টত ৰাম মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভৰ ব্যাপক আয়োজন চলিছে। ইয়াৰ মাজতে আহিছে ভয়ংকৰ খবৰ। পাকিস্তানী চোৰাংচোৱা এজেন্সী ISI-এ ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানত ভয়ানক কূটাঘাত সংঘটিত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে। RAWৰ অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য। ভূমি পূজন অনুষ্ঠিত হোৱাৰ সময়ত কূটাঘাত সংঘটিত কৰাৰ বাবে ISI-এ সন্ত্ৰাসবাদী সংগঠনক দায়িত্ব অৰ্পণ কৰিছে। একমাত্ৰ অযোধ্যাতেই নহয়, সেইদিনা দেশৰ কেইবাঠাইতো সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ ষড়যন্ত্ৰ ৰচিছে isi-এ। কূটাঘাত সংঘটিত কৰিবৰ বাবে এদল সন্ত্ৰাসবাদীক আফগানিস্তানত প্ৰশিক্ষণ প্ৰদান কৰা বুলি RAW-য়ে ফাদিল কৰিছে। ISIৰ পৃষ্ঠপোষকতাত এই প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদীহঁতৰ কেইবাটাও গোট সাজু হৈ উঠিছে ভাৰত ৰক্তাক্ত কৰাৰ বাবে। ইতিমধ্যে সন্ত্ৰাসবাদী দলৰ এটা গোট ভাৰতত প্ৰৱেশ কৰা বুলিও RAW নিশ্চিত হৈছে। সন্ত্ৰাসবাদীৰ লক্ষ্য ৰাম জনমভূমিৰ লগতে ভাৰতৰ ৰাজনৈতিক নেতাও হ’ব পাৰে বুলি চোৰাংচোৱা তথ্যত প্ৰকাশ। মূলতঃ এই আক্ৰমণৰ বাবে isi-য়ে দায়িত্ব অৰ্পণ কৰিছে লস্কৰ-ঈ-তৈবাক। সম্প্ৰতি ভাৰতীয় নিৰাপত্তা সংস্থাসমূহ এই আক্ৰমণ প্ৰতিহত কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে। জলে-স্থলে, আকাশে-বতাহে তীক্ষ্ণ দৃষ্টি ৰাখিব ভাৰতীয় নিৰাপত্তা সংস্থাই। উল্লেখ্য, সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ লক্ষ্যত আছে ভাৰতৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ