অসম লাইভ ২৪ঃ ৫২ বছৰীয়া এজন ব্যক্তি। নাম কিষাণ জগনলাল যাদৱ। বৰেলিৰ নিবাসী এইগৰাকী ব্যক্তিয়ে ৩০ বছৰৰ ভিতৰতে বিয়া কৰাইছে ১০ গৰাকীকৈ মহিলাক। ৯০ দশকতে প্ৰথমবাৰ বিয়া পতা জগনলালৰ ৫ গৰাকী পত্নী বেমাৰত মৃত্যু হৈছিল আৰু ৩ গৰাকীকৈ পত্নীয়ে তেওঁক এৰি থৈ গৈছিল। সম্প্ৰতি দুগৰাকী পত্নীৰ সৈতে তেওঁ পশ্চিমবংগত বাস কৰিছিল। পিছে এইগৰাকী ব্যক্তিক কোনো অজ্ঞাত লোকে দেওবাৰে হত্যা কৰে। জগনলালৰ কোটিটকীয়া পৈত্ৰিক সম্পত্তি তুলি লোৱা কন্যাক দিয়াৰ কথা আছিল। কিন্তু ইয়াৰ পূৰ্বেই পথাৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক তদন্তত ডিঙি চেপি হত্যা কৰাৰ কথা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ