১৩ আগষ্ট ২০২৪ মঙলবাৰে চন্দ্ৰই ৰঙা গ্ৰহ মঙলৰ ৰাশি বৃশ্চিকত গোচৰ কৰিব৷ শাওন মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি৷ কাইলৈ শাওন মাহৰ শেষ মঙলবাৰে পালিত হ’ব মঙলা গৌৰী ব্ৰত৷ তাৰ সৈতে কাইলৈ পালিত হ’ব মাহেকীয়া দুৰ্গাষ্টমী৷ জ্যোতিষ গণনা অনুসৰি ব্ৰহ্মা যোগ এৰাৰ পাছতেই থাকিব ইন্দ্ৰ যোগৰ প্ৰভাৱ৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে কৰ্কট ৰাশিত৷ ইয়াৰোপৰি কাইলৈ থাকিব বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰে হ’ল সংকটমোচন হনুমানৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ১৩ আগষ্ট দিনটো বিশেষ হ’ব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মনত সাহস আৰু আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব৷ নিজৰ সাহসেৰে কাইলৈ দিনটো আপোনাৰ বাবে সকলো ফালেই সুন্দৰ হ’ব৷ কাইলৈ মঙলবাৰে দিনটো আপুনি বেছ আনন্দেৰে কটাব৷ পৰিয়ালৰ সৈতে শ্বপিং কৰিব পাৰে৷ ব্যৱসায়ীসকলে কাইলৈ ভাল লাভ কৰাৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
ব্ৰহ্মা যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকৰ কাইলৈ সকলো ফালেই কোনো ভাল খবৰ পাব৷ কাইলৈ দিনটো আপুনি পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷ পেছাগত জীৱনত কাইলৈ আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি থাকিব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ নিজৰ কেৰিয়াৰত কাইলৈ উন্নতি কৰাৰ বৃহৎ সুযোগ পাব সিংহ ৰাশিৰ জাতকে৷
তুলা ৰাশি
কাইলৈ ইন্দ্ৰ যোগৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ পৰিয়ালৰ সকলোৰে সৈতে বেছ আনন্দেৰে কটাব আপুনি৷ ৰেস্তোৰাত বন্ধুৰ সৈতে বেছ মজাৰ সময় কটাবলৈ সুযোগ পাব৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱনত বেছ শুভ ফল পাব৷ কোনো প্রভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ আপোনাৰ আলাপ হ’ব পাৰে তুলা ৰাশিৰ জাতকৰ৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ কোনো আইনী জটিলতাৰ পৰা মুক্তি পাব পাৰে৷ বিশাখা নক্ষত্ৰৰ প্ৰভাৱত শত্ৰুক কাইলৈ আপুনি পৰাজিত কৰিব পাৰে৷ অৰ্থ সংক্ৰান্তিয় কোনো ডাঙৰ সিদ্ধান্ত কাইলৈ ল’ব পাৰে৷ শুভ যোগৰ শুভ প্রভাৱত কাইলৈ নিজৰ সকলো সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব ধনু ৰাশিৰ জাতকে৷ ব্যৱসায়ত কাইলৈ ডাঙৰ সাফল্য লাভ কৰিব৷
মকৰ ৰাশি
১৩ আগষ্ট লাভজনক দিন হ’ব মকৰ ৰাশিৰ জাতকৰ৷ স্বাস্থ্যৰো কাইলৈ উন্নতি হ’ব আপোনাৰ৷ মঙলবাৰে যি সাফল্যৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল সেই সফলতা আহিব৷ সংগীৰ সৈতে কাইলৈ বুজাপৰাৰ মাজেৰে দিনটো কটাব৷ একেলগে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















