• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

1 month ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

7 minutes ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

14 minutes ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

49 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

2 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

3 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

কিয় ৰখা হৈছিল সোণৰ জিভা?

editor by editor
July 13, 2026
in বিবিধ, বিশ্ব, লেখা
0
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা
0
SHARES
608
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ এখন দেশৰ ১৮টা সমাধিত শেহতীয়াকৈ উদ্ধাৰ হৈছে সোণৰ জিভাসহ আন বহুতো সামগ্ৰী। প্ৰাচীন ইতিহাসৰ অমূল্য ঐতিহ্য বহন কৰা ইজিপ্তৰ এখন চহৰত পুৰাতত্ত্ববিদসকলে ১৮টা প্ৰাচীন সমাধিক্ষেত্ৰ উদ্ধাৰ কৰিছে। এই তথ্য ইজিপ্তৰ পৰ্যটন আৰু প্ৰাচীন সম্পদ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভূমধ্যসাগৰৰ উপকূলত অৱস্থিত মাৰিনা আল-আলামেইন অঞ্চলত, আলেকজান্দ্ৰিয়াৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ পশ্চিমে এই সমাধিক্ষেত্ৰসমূহ আৱিষ্কাৰ কৰা হৈছে। পুৰাতত্ত্ববিদসকলৰ অনুমান অনুসৰি, এই সমাধিসমূহ টলেমি বংশ অথবা ৰোমান সাম্ৰাজ্যৰ শাসনকালৰ।

টলেমি বংশ আৰু ৰোমান শাসনৰ ইতিহাস

টলেমি বংশই খ্ৰীষ্টপূৰ্ব ৩২২ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ৩০ চনলৈকে ইজিপ্ত শাসন কৰিছিল। এই বংশৰ শাসকসকল আছিল বিশ্ববিজয়ী আলেকজাণ্ডাৰৰ এজন সেনাপতিৰ বংশধৰ। টলেমি বংশৰ অন্তিম শাসক আছিল বিখ্যাত ৰাণী ক্লিঅ’পেট্ৰা। তেওঁৰ মৃত্যুৰ পিছতেই ইজিপ্ত ৰোমান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ইয়াৰ পিছত খ্ৰীষ্টপূৰ্ব ৩০ চনৰ পৰা খ্ৰীষ্টাব্দ ৩৯৫ চনলৈকে ইজিপ্তত ৰোমান শাসন অব্যাহত আছিল।

সমাধিক্ষেত্ৰত উদ্ধাৰ ‘সোণৰ জিভা’

পুৰাতত্ত্ববিদসকলে সদৰী কৰা অনুসৰি, উদ্ধাৰ হোৱা ১৮টা সমাধিক্ষেত্ৰৰ ভিতৰত ১১টা মাটিৰ গভীৰত খনন কৰা হৈছিল, আনহাতে বাকী ৭টা তুলনামূলকভাৱে কম গভীৰতাত আছিল। এই সমাধিক্ষেত্ৰসমূহৰ ভিতৰত আটাইতকৈ বিস্ময়কৰ আৱিষ্কাৰ হৈছে ‘সোণৰ জিভা’ (Gold Tongues)। বিশেষজ্ঞসকলৰ মতে, এই সোণৰ জিভাবোৰ মামীসমূহৰ মুখত ৰখা হৈছিল। ইয়াৰ উপৰিও এটা বেদী (altar) উদ্ধাৰ কৰা হৈছে, যাৰ আধাৰত কাঠৰ এখন দুৱাৰৰ নক্সা খোদিত কৰা দেখা গৈছে।

‘অন্য জগতলৈ যোৱাৰ দুৱাৰ’

প্ৰাচীন মিচৰীয় এই স্থাপত্যত এই ধৰণৰ দুৱাৰৰ বিশেষ গুৰুত্ব আছিল। ইজিপ্তৰ পৰ্যটন আৰু প্ৰাচীন সম্পদ মন্ত্ৰালয়ৰ আণ্ডাৰ ছেক্ৰেটাৰী হাশ্বাম হুছেইন-এ Live Science-ক জনোৱা মতে, প্ৰাচীন মিচৰীয় বিশ্বাস অনুসৰি এই দুৱাৰ জীৱিত আৰু মৃ*তলোকৰ মাজৰ সংযোগৰ প্ৰতীক আছিল। তেওঁলোকৰ বিশ্বাস আছিল যে, মৃ*তসকলে এই ‘দুৱাৰ’ৰ জৰিয়তে জীৱিতসকলে আগবঢ়োৱা উপহাৰ বা উৎসৰ্গ গ্ৰহণ কৰিব পাৰিছিল।

কিয় ৰখা হৈছিল সোণৰ জিভা?

ইজিপ্তত ইয়াৰ পূৰ্বেও বহু মামীৰ সৈতে সোণৰ জিভা উদ্ধাৰ হৈছে। প্ৰাচীন মিচৰীয়সকলৰ বিশ্বাস আছিল যে সোণ হৈছে দেৱতাসকলৰ মাংস। সেই বিশ্বাস অনুসৰি, মৃ*ত ব্যক্তিৰ মুখত সোণৰ জিভা ৰখাৰ অৰ্থ মৃ*ত্যুৰ পিছত তেওঁ দেৱতাসকলৰ সৈতে কথা-বতৰা পাতিব পাৰিব আৰু পৰলোকৰ যাত্ৰা অধিক সহজ হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24egypt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?
ভাৰত

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
Next Post
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ'লৰ অবৈধ সম্পৰ্ক!

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.