অসম লাইভ ২৪ঃ বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ভংগ কৰিছে পূৰ্বৰ সকলো ৰেকৰ্ড। এদিনত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ১,৮৪,৩৭২ গৰাকী লোক। বিগত কিছুদিনত প্ৰতিদিনেই দেশৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ভংগ কৰিছে পূৰ্বৰ অভিলেখ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈকে দেশখনত ১৩.৮ নিযুত ৭৩ হাজাৰ ৮২৫ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যা ১ লাখ ৭২ হাজাৰ ৮৫ জনলৈ বৃদ্ধি পাইছে। ক’ৰোনামুক্ত হৈছে ১.২৩ লাখ লোক আৰু সম্প্ৰতি হাস্পতালত সক্ৰিয় ৰোগীৰ সংখ্যা আছে ১৩ লাখ ৬০ হাজাৰ ৩৩০ গৰাকী।
উত্তৰাখণ্ডত চলি থকা মহাকুম্ভ মেলাত শতাধিক লোক আক্ৰান্ত হৈছে ক’ৰোনাত। ১০০ৰো অধিক যাত্ৰী আৰু ২০গৰাকী সন্ন্যাসী আক্ৰান্ত হৈছে ক’ৰোনাত।
সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ অনিয়ন্ত্ৰিত কোভিড পৰিস্থিতিৰ বাবে ১৫ দিনৰ জনতা কাৰ্ফিউ জাৰি কৰা হৈছে ৰাজ্যখনত। ছত্তিশগড় আৰু পঞ্জাৱতো ভয়াৱহ হৈছে কোভিড পৰিস্থিতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















