চুলিৰ পাছত এতিয়া চকুৰ চেলাউৰি আৰু নোম সৰিবলৈ আৰম্ভ হীনাৰ, ফটো শ্বেয়াৰ কৰি দোৱা কৰিবলৈ আহ্বান
ভাৰতীয় টেলিভিচন জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হীনাৰ বিষয়ে সকলোৱে হয়তো জানে। কেঞ্চাৰৰ তৃতীয় ষ্টেজৰ চিকিৎসা চলি আছে হীনা খানৰ। যাৰ পৰিপ্ৰেক্ষিতত লাহে লাহে চুলি হেৰুৱাবলৈ আৰম্ভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।
যাৰ বাবে সম্পূৰ্ণ চুলি খুৰাই দিয়ে হীনাই। এতিয়া চুলিৰ পাছত লাহে লাহে চকুৰ চেলাউৰি আৰু নোমবোৰো হেৰুৱাবলৈ আৰম্ভ কৰিছে অভিনেত্ৰী হীনাই। যি পৰিস্থিতিৰ ফটো শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত।
বৰ্তমানে কেমো আৰু ৰে চিকিৎসা চলি আছে হীনাৰ। যাৰ বাবেই এইদৰে শৰীৰৰ পৰা চুলি আৰু নোম সৰা আৰম্ভ হৈছে। ফটো শ্বেয়াৰ কৰি হীনাই লিখিছে, এতিয়া কেৱল দোৱা কৰিব মোৰ বাবে, মোক দোৱাৰ প্ৰয়োজন।
কিন্তু ইমানৰ পাছতো মনোবল হেৰুৱাও নাই অভিনেত্ৰীগৰাকীয়ে। কেইবাটাও ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি নিজৰ অদম্য আশা আৰু হেঁপাহ প্ৰকাশ কৰে হীনা খানে।
সামাজিক মাধ্যমত নিজৰ ফটটো শ্বেয়াৰ কৰি ইয়াকো লিখিছে যে, মই বিগত বহু বছৰ ধৰি চকুৰ নোম অধিক আকৰ্ষণীয় দেখাবৰ বাবে কৃত্ৰিম নোম লগোৱা নাছিলো। মোৰ বংশগতভাৱেই ঘন চকুৰ নোম আছিল। কিন্তু এতিয়া কেমোথেৰাপীৰ কাৰণে সৰি যোৱা বাবে নকল নোম লগাব লাগে। এতিয়া কেৱল এডালেই নোমেই মোৰ সাহস হিচাপে বাকি ৰৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ