মা দুৰ্গাৰ দশমীক কিয় ‘বিজয়া’ দশমী বুলি জনা যায়? পঢ়ক ইয়াৰ আঁৰৰ কাহিনী
আজি দুৰ্গা পূজা ২০২৪ ৰঅন্ত পৰিল। বিগত এমাহ ধৰি চলি থকা এই উৎসৱৰ প্ৰস্তুতিৰ অন্ত পৰিল। পৃথিৱী এৰি দুৰ্গা তথা মা পাৰ্ৱতী কৈলাশ স্থিত স্বামী মহাদেৱৰ ওচৰলৈ উভতি যায়। অসুৰ মহিষাসুৰকক পৰাস্ত কৰি সমস্ত ধৰাক উদ্ধাৰ কৰি মা দুৰ্গাই বিদায় লয়। দুৰ্গা পূজাৰ এই শেষ দিনটোক দশমী বা বিজয়া দশমী বুলি কোৱা হয়। পাছে দশমীক কিয় বিজয়া দশমী বুলি কোৱা হয়।
পুৰাণৰ মতে-
প্ৰাচীন কালত মহিষাসুৰ নামৰ এজন অসুৰে ব্ৰহ্মৰ বৰ পাই অতিশয় শক্তিশালী হৈ স্বৰ্গ, মৰ্ত্য আৰু পাতাল দখল কৰি লয়। তেওঁ দেৱৰাজ ইন্দ্ৰক যুদ্ধত পৰাস্ত কৰি স্বৰ্গৰ পৰা বাহিৰ কৰি দিয়ে।কোনো মানুহে যাতে মহিাষাসুৰক হত্যা কৰিব নোৱাৰে তেনে বৰ ব্ৰহ্মাৰ পৰা লাভ কৰি অধিক শক্তিশালী আৰু নিষ্ঠুৰ হৈ পৰে অসুৰাজ।
ব্ৰহ্মাৰ পৰা বৰদান লাভ কৰোতে কিন্তু কোনো মহিলাই তেওঁক হত্যা কৰিব নোৱাৰে বুলি কোৱা হোৱা নাছিল। যাৰ ফলত মা পাৰ্ৱতীয়ে নিজৰ শক্তি আৰু সকলো দেৱতাৰ পৰা লাভ কৰা শক্তিৰ পৰা দেৱী দুৰ্গা হৈ ওলাই আহে। পুৰাণত মহিষাসুৰ বধৰ কাহিনী অনুসৰি দুৰ্গাই একেৰাহে ৯ দিন-ৰাতি যুদ্ধ কৰি শুক্ল দাসমীৰ দিনা মহিষাসুৰক বধ কৰিছিল। এই বিজয় বিজয়া দশমী হিচাপে চিহ্নিত কৰা হৈছে।
ৰামায়ণৰ মতে-
শ্ৰীৰামচন্দ্ৰৰ পত্নী সীতাক ত্ৰেতা যুগত লংকাৰ ৰজা ৰাৱনে অপহৰণ কৰিছিল। দেৱী দুৰ্গাৰ আশীৰ্বাদত ৰামে পত্নীক উদ্ধাৰৰ বাবে লংকা আক্ৰমণ কৰে। শুক্ল দাসমীৰ দিনা ৰাৱণক বধ কৰিছিল। বিজয়া দশমীয়ে ৰাৱণৰ বিৰুদ্ধে যুদ্ধত ৰামৰ বিজয়ো চিহ্নিত কৰে। যাৰ বাবে ইয়াক বিজয়া দশমী বুলি কোৱা হয়।
অসমৰ প্ৰেক্ষাপটত অৱশ্যে দেৱীৰ দশমীৰ দিনা অসুৰক বধ কৰাৰ কাৰণটোহে মানি পূজা অৰ্চনা কৰা হয়, আৰু দশমী তথা বিজয়া দশমী উদযাপন কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ