অসম লাইভ ২৪ঃ এটা মাত্ৰ “ভাল খবৰ”, এটা ভাল খবৰ বিছাৰি সমগ্ৰ দিনটো এজন সাংবাদিক হাবাথুৰি খাব লাগে। কিন্তু অপেক্ষাৰ অন্তত আহিল আকৌ এটা ভাল খবৰ। এই ভাল খবৰৰ স্থান উত্তৰ প্ৰদেশৰ ৰাইবেৰেলীৰ। ৰাইবেৰেলীৰ এখন বিবাহে এটা শিৰোনাম দখল কৰিছে দেশৰ সংবাদ মাধ্যমৰ।
কিয়নো উক্ত বিবাহখনত ভাতৃৰ অনুপস্থিতিত ভাতৃৰ পৰম ধৰ্ম পালন কৰিলে CRPFৰ বৃহৎ সেনা জোৱানে। শৈলেন্দ্ৰ প্ৰতাপ সিং আছিল ভাতৃৰ নাম। আৰু শৈলেন্দ্ৰ প্ৰতাপ সিং আছিল ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ এগৰাকী জোৱান। কিন্তু ২০২০ চনৰ ৫ অক্টোবৰত দক্ষিন কাশ্মীৰৰ লৌঠপুৰ নামৰ অঞ্চলত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি হত্যা কৰিছিল কেইবাজনো সেনা জোৱানৰ লগতে শৈলেন্দ্ৰ প্ৰতাপ সিঙকো।
এফালে দেশৰ বাবে শ্বহীদ হোৱা শৈলেন্দ্ৰৰ ৰাইবেৰেলীৰ ঘৰত আছিল পিতৃ মাতৃৰ সৈতে তিনি গৰাকী ভগ্নী। ইয়াৰে দুগৰাকী ভগ্নী পূবেই বিবাহ সম্পূৰ্ণ হোৱাৰ বিপৰীতে কনিষ্ঠ ভগ্নীৰ বিবাহ অনুষ্ঠিত হৈছিল মঙলবাৰে। কিন্তু সৰু ভগ্নীৰ বিবাহ অনুষ্ঠানত সকলোকে আচৰিত কৰি হঠাৎ উপস্থিত হৈছিল প্ৰায় বৃহৎ সংখ্যক এটা CRPF জোৱানৰ দল। হঠাৎ বিবাহ ঘৰত সেনাৰ এই দলটোক দেখি চুবুৰিয়াৰ মাজত হুৱাদুৱা লাগিছিল প্ৰথমতে।
কিন্তু যেতিয়া বিবাহ ঘৰত উপস্থিত হৈ সেনাৰ দলটোৱে শৈলেন্দ্ৰৰ ভগ্নী জ্যোতি সিঙক শ্বহীদ ভাতৃৰ শৈলেন্দ্ৰৰ অনুপস্থিতিত সেনাৰ দলটোৱে শৈলেন্দ্ৰৰ হৈ ভাতৃ ধৰ্ম পালন কৰাৰ কথা কলে তেতিয়াই বিবাহ ঘৰত উপস্থিত থকা সকলো লোকৰ চকু চলচলীয়া হোৱাৰ ওপৰিও সেনা জোৱানসকলৰ এই মহানতাত অভিভূত হৈ পৰে শ্বহীদ শৈলেন্দ্ৰৰ পিতৃ মাতৃৰ লগতে উপস্থিত সকলো ৰাইজ।
সেনা জোৱানৰ দলটোৱে বিবাহ ঘৰৰ সকলো লোকৰ খোৱা-বোৱাত সহায় কৰাৰ লগতে ভগ্নী জ্যোতি সিঙক আদৰি নিয়ে বিবাহ ঘৰৰ মূল মণ্ডপলৈ। আৰু এনেদৰে সেনা জোৱানৰ দলটোৱে শ্বহীদ শৈলেন্দ্ৰ প্ৰতাপ সিঙৰ অনুপস্থিতিত অতি আদৰ আৰু সন্মানেৰে পালন কৰে নিজৰ ভাতৃ ধৰ্ম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ