মাতৃৰ বন্দুক আনি হঠাতে বিশ্ববিদ্যালয় চৌহদত গুলী, ২ নিহত- ৫ আহত
আমেৰিকাৰ ফ্ল’ৰিডা ইউনিভাৰচিটিত সংঘটিত হৈছে এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। এগৰাকী ২০ বছৰীয়া যুৱকে হঠাতে বিশ্ববিদ্যালয় কেম্পাছত নিৰ্বিচাৰে গুলী বৰ্ষণ কৰি বহু লোকক আহত কৰে। এই ঘটনাত গুলী লাগি প্ৰাণ হেৰুৱাই ২ গৰাকীয়ে। আনহাতে ৫ গুলীবিদ্ধ।
স্থানীয় সময় অনুসৰি বৃহস্পিত বাৰ ১৭ এপ্ৰিল তাৰিখে দুপৰীয়াৰ ভাগত সংঘটিত হৈছে এই ঘটনা। ইয়াৰ পিছত সমগ্ৰ কেম্পাছত আতংক বিয়পি পৰে। আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। আনহাতে গুৰুতৰ অৱস্থাত থকা আহত সকল বৰ্তমানে হাস্পতালত চিকিৎসাধীন।
ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটি (এফ এছ ইউ)ৰ গোচৰত শ্বুটাৰ হিচাপে চিনাক্ত হৈছে ফিনিক্স আইকনাৰ। আইকনাৰৰ বয়স ২০ বছৰ। ইয়াৰ উপৰিও আইকনাৰ লিঅ’ন কাউন্টি শ্বেৰিফৰ ডেপুটিৰ পুত্ৰ আৰু লিঅ’ন কাউন্টি শ্বেৰিফৰ কাৰ্যালয় (এল চি এছ অ’) যুৱ পৰামৰ্শদাতা পৰিষদৰ সদস্য। আৰক্ষীয়ে জনোৱা মতে, গুলীচালনাত আইকনাৰে মাতৃৰ বন্দুক ব্যৱহাৰ কৰিছিল।
ইউনিভাৰ্চিটিৰ টালাহাচি কেম্পাছত গুলীচালনা হোৱাৰ লগে লগে সমগ্ৰ কেম্পাছটোত লকডাউনত ঘোষণা কৰা হয়। সম্পূৰ্ণ বন্ধ কৰি দিয়া হয় কেম্পাছ। উল্লেখ্য যে , এই কেম্পাছত ৪২ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















