কাইলৈ ২০ ডিচেম্বৰ ২০২৪ শুকুৰবাৰে চন্দ্ৰই দিনজুৰি সিংহ ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহ মাহৰ কৃষ্ণা পঞ্চমী তিথি৷ শুকুৰবাৰে পুৱা ১০ বাজি ৪৮ মিনিট পৰ্যন্ত পঞ্চমী তিথি থাকিব৷ তাৰপাছতেই পুহৰ কৃষ্ণা ষষ্ঠী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বিষকুম্ভ যোগ আৰু প্ৰীতি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে মঘা নক্ষত্ৰ আৰু পাছত পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ দিনটো প্ৰীতি যোগৰ প্ৰভাৱ শুভ ফলদায়ী হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰে৷ ইয়াৰ ফলত কাইলৈ মনত ভৰপুৰ আনন্দ থাকিব৷ যিসকলে ব্যৱসায় কৰিছে তেঁওলোকে কৰ্মসূত্ৰে কৰোবালৈ দূৰৈত ভ্ৰমণলৈ যাব পাৰে৷ কাইলৈ কেৰিয়াৰত ডাঙৰ উন্নতি কৰাৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব৷
সিংহ ৰাশি
কাইলৈ মা লক্ষ্মীৰ আশীৰ্বাদত ভাল কিছু ঘটনা ঘটিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ কোনো সামাজিক অনুষ্ঠানৰ সৈতে আপুনি যুক্ত হ’ব পাৰে৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ চৰকাৰৰ পৰা কোনো সন্মান পাব পাৰে৷ ধৰ্মীয় কামত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ কাইলৈ সিংহ ৰাশিৰ জাতকৰ মনত শান্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















