ভয়াৱহ বৃষ্টি আৰু আকস্মিক বানত বিপৰ্যস্ত নেপাল৷
জুনৰ মাজভাগৰ পৰা বৰ্তমান পৰ্যন্ত ৩৫গৰাকী লোকৰ মৃত্যু হৈছে৷
এই অৱস্থাত শনিবাৰে পশ্চিম নেপালৰ ৯ জনৰ মৃত্যু হৈছে বুলি প্ৰশাসনৰ তৰফৰ জনোৱা হৈছে৷
নিহতসকলৰ মাজত তিনিজন শিশু৷
সংবাদ সংস্থা ৰয়টাৰ্ছৰ সূত্ৰৰ পৰা জনোৱা অনুসৰি পাঁচ সদস্যৰ এটা পৰিয়াল সম্পূৰ্ণৰূপে শেষ হৈ গৈছে৷
বৰ্তমানো নেপালত প্ৰৱল বৃষ্টিপাত অব্যাহত আছে৷
পাহাৰৰ পৰা মাটি খহিছে বিভিন্ন এলেকাত৷
বৰ্তমান পৰ্যন্ত ৩৫ গৰাকী লোকৰ মৃত্যু নিশ্চিত কৰিছে নেপাল চৰকাৰে৷
নেপালত প্ৰত্যেক বছৰ জুনৰ পৰা ছেপ্টেম্বৰলৈ বৰষুণৰ মাত্ৰা সৰ্বাধিক হয়৷
এই সময়ত বান, খহনীয়া আদিৰ ঘটনাত মৃত্যু হয় শ শ মানুহৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ