৩৫বছৰ বয়সীয়া মহিলা, তিনি সন্তানৰ মাতৃও তেওঁ৷ কিন্তু আকৌ প্ৰেম হৈ গ’ল৷ অৱশ্যে সেই ভালপোৱা মানুহজন তেওঁৰ স্বামী নহয়৷ অন্য এজন কিশোৰহে৷ স্বামী, তিনি সন্তানক এৰি সেই কিশোৰৰ হাতত ধৰি সংসাৰ এৰিলে মহিলাগৰাকীয়ে৷ বিয়াতো বহিল৷ বিহাৰত এই ঘটনা৷ টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি সেই মহিলাই বিয়া কৰালে এটি ১৫ বছৰীয়া কিশোৰক৷ এই বিষয়টোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে৷ মহিলাৰ স্পষ্ট উত্তৰ, ‘ভালপাওঁ সেয়ে বিয়া কৰাইছো৷ ইয়াত অন্যায় কি?’
এটা ইউটিউব চেনেলক মহিলাগৰাকীয়ে দিয়া সাক্ষাৎকাৰত কয় যে, একেলগে তেওঁলোক ডাঙৰ হৈছে৷ সৰুৰে পৰা সেই কিশোৰটোক তেওঁৰ ভাল লাগিছিল৷ সেই ভাললগাই এতিয়া ভালপোৱাৰ ৰূপ লৈছে৷ লৰাজন এতিয়া ক্লাছ ছেভেনত পঢ়ি আছে৷ পূৰ্বে বিবাহিত হৈয়ো কিয় বিয়া কৰালে আকৌ সেই কথা জানিব খুজোতেই তেওঁ কয় যে, তেওঁ ধীৰে ধীৰে বুজিব পাৰিছে স্বামীৰ প্ৰতি তেওঁৰ কোনো অনুভূতিয়েই নাই৷ সেয়ে তেওঁ ভালপোৱা মানুহ পাই পুনৰ বিয়া কৰাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ