৪ বছৰীয়া কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ, দৃশ্য দেখি চকুপানী টুকিলে বহু লোকে
এক হৃদয়বিদাৰক দৃশ্য, ৪ বছৰীয়া কনমানি কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ। মৃত্যু কি বুজি উঠাৰ পূৰ্বেই মুখাগ্নিৰ দৰে গধুৰ দায়িত্ব পালন কৰিলে কনমানি এগৰাকীয়ে। যি দৃশ্য দেখি এতিয়া বহু লোকেৰ দুচকুৰে চকুলো নিগৰিছে।
এই দৃশ্য উত্তৰপ্ৰদেশৰ মেৰুটৰ। এগৰাকী বৃদ্ধ পিতৃৰ কনমানি কন্যাৰ কামে শোকস্তব্ধ কৰি তুলিলে অন্য সকলক। সকলোৰে সমুখতে কন্যাই কেৱল সুধি থাকিল- পাপা কি হ’ল, পাপা কিয় শুই আছে, পাপাই কিয় মাত দিয়া নাই।
চেল টেক্স বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়ে ৭৪ দেবেন্দ্ৰ ত্যাগীৰ কাহিনী এয়া। পুত্ৰ-কন্যাৰে ভৰা ঘৰ আছিল এটা সময়ত। দুয়োৰে বিয়া পাতি দি সংসাৰো কৰাই দিয়ে। পুত্ৰ-কন্যা দুয়োৰে ফালৰ পৰা নাতি-নাতিনীয়ো লাভ কৰে। কিন্তু কপালত বিধিয়ে লিখি থৈছে আন এক কাহিনী।
কিন্তু ২০২৮ চনত আহে সেই অতিকে দুখৰ খবৰ। প্ৰথমে হেৰুৱাই ৩৯ বৰ্ষীয় কন্যাক, তাৰ পাছত হেৰুৱাই ৩৬ বৰ্ষীয় পুত্ৰক। পুত্ৰ-কন্যাৰ বিয়োগৰ পাছত বোৱৰী আৰু জোঁৱাইয়েও অন্য অন্য বিয়া পাতি নতুন সংসাৰ কৰি সন্তানসহ আঁতৰি যায়।
যাৰ বাবে একেবাৰে বৃদ্ধ অৱস্থাত একেবাৰে অকলশৰীয়া হৈ পৰে দেবেন্দ্ৰ ত্যাগী আৰু পত্নী। শেষত পৰিয়ালৰ অন্য লোকৰ পৰামৰ্শ মতে ২০২০ চনত টেষ্ট টিউব পদ্ধতিৰে তেঁওলোকৰ সংসাৰলৈ স্বাগতম জনাই আন এটি সন্তানক। সেই তেতিয়াৰে ভালদৰেই আগবাঢ়িছিল সংসাৰ।
কিন্তু বয়সে কিমান কৰিব সহায়, ৰোগত পৰি অৱশেষত ৭৪ বছৰ বয়সত মৃত্যু হয় দেবেন্দ্ৰ ত্যাগীৰ। এতিয়া সংসাৰত কেৱল আছে ৬৬ বৰ্ষীয় পত্নী আৰু ৪ বছৰীয়া কন্যা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















