অসম লাইভ ২৪ঃ ভাৰতত ৪ জনলৈ বৃদ্ধি অমিক্ৰণত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। পুনৰ এগৰাকী ব্যক্তিৰ গাত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েন্টৰ ভাইৰাছ। মুম্বাইৰ ৩৩ বছৰীয়া ব্যক্তিৰ গাত ধৰা পৰিছে এই ভাইৰাছ। উল্লেখযোগ্য যে যোৱা মাহৰ শেষৰফালে দক্ষিণ আফ্ৰিকাৰ পৰা ডুবাই আৰু দিল্লী হৈ মুম্বাইত উপস্থিত হৈছিল ব্যক্তিগৰাকী। জানিব পৰা মতে ইয়াৰ পূৰ্বে বহু মাহ ধৰি সাগৰীয় ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত আছিল ব্যক্তি গৰাকী। যাৰ বাবে তেওঁ কোনোধৰণৰ ভেকচিন গ্ৰহণ কৰিব পৰা নাছিল। মুম্বাইত আহি উপস্থিত হোৱাৰ পিছত যোৱা ২৪ নৱেম্বৰত ব্যক্তি গৰাকীয়ে প্ৰথমবাৰৰ বাবে জ্বৰ অনুভৱ কৰিছিল। বৰ্তমান মুম্বাইৰ কল্যাণ-ডম্বিভাই ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে ব্যক্তিগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















