৫কোটি টকাৰ আৰ্থিক মাইলফলত গঢ়া কঠিন কাম বুলি ধাৰণা কৰা হয়৷ কিন্তু সুশৃঙ্খল বিনিয়োগ আৰু চক্ৰবৃদ্ধিৰ ক্ষমতা থাকিলে সেয়া অৰ্জন কৰা সম্ভৱ৷ মিউচুৱেল ফাণ্ডৰ চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন দীৰ্ঘম্যাদি সম্পদ তৈয়াৰৰ এক বাস্তৱ পথ প্ৰদান কৰে৷ তেন্তে ২০ বছৰত ৫ কোটি টকা জমোৱাৰ বাবে প্ৰতিমাহে কিমান টকা বিনিয়োগ কৰিব লাগিব লাগিব?
SIP আৰু চক্ৰবৃদ্ধি
SIP বিনিয়োগকাৰীসকলৰ মিউচুৱেল ফাণ্ডত নিয়মিতভাৱে এক নিৰ্দিষ্ট পৰিমাণে বিনিয়োগ কৰিবলৈ দিয়ে যাৰ ফলত দীৰ্ঘম্যাদি লক্ষ্যত প্ৰতিশ্ৰুতিবদ্ধ থকা সহজ হয়৷ মিউচুৱেল ফাণ্ডত বিশেষকৈ ইক্যুইটি ভিত্তিক, দীৰ্ঘ সময় ধৰি বিনিয়োগ কৰিলে ভাল ৰিটাৰ্ণ পোৱা যায়৷ প্ৰতি মাহে কিমান টকা বিনিয়োগ কৰিলে ২০ বছৰত আপুনি ৫ কোটি টকা ৰিটাৰ্ণ পাব?
ইক্যুইটি মিউচুৱেল ফাণ্ডসমূহে দীৰ্ঘম্যাদত প্ৰায় ১২ শতাংশ ৰিটাৰ্ণ প্ৰদান কৰে৷ তিনিটা ভিন্ন ৰিটাৰ্ণ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি মাহিলী ৫১০০০ টকাৰ এটা মাহিলী SIP ৰ প্ৰয়োজন হব৷ ইয়াৰ ফলত আনুমানিক মুঠ ৰিটাৰ্ণ প্ৰায় ৫.০৯ কোটি টকা হব৷
১০শতাংশ বাৰ্ষিক ৰিটাৰ্ণ যদি পায় তেন্তে ২০বছৰত প্ৰায় ৫.০৫ কোটি টকাৰ কৰ্পাছ আপুনি গঢ়িব পাৰিব৷ আৰু প্ৰতিমানে আপুনি বিনিয়োগ কৰিব লাগিব ৬৬০০০ টকাকৈ৷
১৪শতাংশ বাৰ্ষিক ৰিটাৰ্ণ লাভ কৰিলে প্ৰতিমাহে আপুনি ৩৮০০০ টকা বিনিয়োগ কৰিব লাগিব৷ ২০ বছৰত আনুমানিক ৰিটাৰ্ণ পাব ৫ কোটি টকা৷
অৱশ্যে এই লক্ষ্য অৰ্জনৰ বাবে সুপৰিকল্পিত বিনিয়োগ ৰোডমেপ চাৰ্ট তৈয়াৰ কৰা জৰুৰী৷ কোনোৱে বিচাৰিলে একাধিক মিউচুৱেল ফাণ্ড বিভাগ বা সম্পদ শ্ৰেণীত নিজৰ বিনিয়োগ কৰিব পাৰে৷ বজাৰৰ উত্থান পতনৰ সৈতে এছ আই পি সম্পৰ্কিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ